NORTHEAST NOW (Assamese)

লাকী গগৈৰ প্ৰশংসনীয় কাৰ্য; শিৱসাগৰত সাংবাদিকৰ মাজত বিতৰণ মাস্ক আৰু চেনিটাইজাৰ

May 12, 2020 5:50 pm · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

আজি শিৱসাগৰl ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈয়ে সাংবাদিক সকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।

দিনৰ প্ৰায় ১২ বজাত শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত লাকী গগৈয়ে আবকাৰী বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা চেনিটাইজাৰ আৰু একোখনকৈ খাদী মাস্ক বিতৰণ কৰে।

এই সন্দৰ্ভত উপাধক্ষা লাকী গগৈয়ে কয় যে ‍কভিদ-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনত জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সাংবাদিকসকলে এই দুৰ্যোগৰ সময়ত নিজৰ জীৱন আৰু পৰিয়ালৰ বিপৰ্যয়ৰ কথা নাভাবি প্ৰতি মুহুৰ্তৰ খবৰ জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিছে।

সেয়েহে তেখেতসকলৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই তেওঁলোকক কিছু উৎসাহ দিবৰ বাবেই আজি এই কাৰ্যসূচী হাতত লৈছো।

এই কাৰ্যসূচীত জিলা মিডিয়া কোষৰ বিষয়ববীয়া সমীৰণ বৰদলৈয়ে সহযোগিতা আগবঢ়ায়।

যুৱ সাংবাদিক সমীৰণ বৰদলৈয়ে আঁতধৰা অনুষ্ঠানটোত শিৱসাগৰ বহু সংখ্যক সাংবাদিকৰ লগতে সমাজসেৱীকা ইপ্সিতা বৰুৱাও উপস্থিত থাকে।

উল্লেখ্য যে মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধক্ষা লাকী গগৈয়ে অসমৰ বিভিন্ন স্থানত সাংবাদিক সকলক এইদৰে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি আহিছে।

লাকী গগৈৰ এই কাৰ্যক শিৱসাগৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ইনামূল হাজৰিকাই প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

Related News