‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা ৰংবং তেৰাঙক লুম্মেৰ দাই সাহিত্য বঁটা
তেজপুৰত অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা কালি অৰ্থাৎ ১ জুনত ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙক প্ৰদান কৰা হয়।
‘অমস সাহিত্য সভাই প্ৰদান কৰা লুম্মেৰ দাই সাহিত্য বঁটা গ্ৰহণ কৰিবলৈ পাই মই আজি গৌৰৱবোধ কৰিছো।‘ বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙে। অসম আৰু অৰুণাচলৰ মাজত সমন্বয়ৰ সাঁকো সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বৰেণ্য সাহিত্যিক নুম্মেই দাইৰ ৮০ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাই প্ৰদান কৰা বঁটাত আছিল গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক, শৰাই, প্ৰশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা।
শোণিতপুৰ জিলা সাহিত্য সভাৰ সৌজন্যত আৰু তেজপুৰ সাহিত্য সভাৰ সহযোগত তেজপুৰৰ লুম্মেৰ দাই ভৱনত আয়োজিত অনুষ্ঠানটি উদ্বোধন কৰে স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীয়ে।
অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভাই অসমৰ বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু গুৰত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি অহাৰ কথা সদৰী কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে পুৱা শোণিতপুৰ জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰমেন গোস্বামীয়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পিছতে লুম্মেৰ দাইৰ পুত্ৰ তথা অৰুণাচলৰ পৰা প্ৰকাশ পোৱা ‘ইক’ অব অৰুণাচল’ৰ পৰিচালন সঞ্চালক মিবাং দায়ে পিতৃৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে।