পঞ্জাৱৰ জলন্ধৰত সংঘটিত হৈছে এটি ঘৃণনীয় ঘটনা।
দলিত সম্প্ৰদায়ৰ এগৰাকী নাবালিকাক তেওঁৰ প্ৰেমিকে ৭জন বন্ধুৰ স’তে দলবদ্ধভাৱে ধৰ্ষণ কৰে।
নাবালিকাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩জন অভিযুক্তক আটক কৰিছে।
আৰক্ষীয়ে কয় যে নাবালিকাগৰাকী এটা অৰ্থনৈতিক পাছপৰা দলিত পৰিয়ালৰ কন্যা।
আৰক্ষীৰ অভিযোগ মতে, নাবালিকাগৰাকীৰ মূল অভিযুক্তজনৰ স’তে প্ৰেমৰ সম্পৰ্ক আছিল।
সন্দীপ নামৰ অভিযুক্ত যুৱকজনে তাইক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
আৰক্ষীয়ে কয় যে পৰিয়ালে সিহঁতৰ সম্পৰ্কৰ বিষয়ে জ্ঞাত আছিলেনে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই।
পৰিয়ালৰ এজাহাৰখনত উল্লেখ থকামতে, সন্দীপে নাবালিকাগৰাকীক ১৫ মাৰ্চত ফোন কৰে আৰু পাছদিনা হাৰিয়ানাৰ ছিৰ্ছা জিলাৰ মান্দি ডাবৱালী নামৰ ঠাইখনৰ বাছষ্টেণ্ডত লগ কৰিবলৈ কয়।
অভিযোগ অনুসৰি, সন্দীপে তাইক কয় যে সিহঁত লগ হৈ জলন্ধৰলৈ যাব আৰু তাত বিবাহপাশত আৱদ্ধ হ’ব।
পাছদিনা ১৬ মাৰ্চৰ পুৱা ৬ বজাতে নাবালিকাগৰাকী ঘৰৰ পৰা উলাই আহে।
তাইক পঞ্জাৱৰ কিল্লিয়ানৱালী নামৰ ঠাইখনৰ পৰা সন্দীপে লৈ যায়।
একেদিনাই সিহঁত দুয়ো জলন্ধৰ অভিমুখে ৰাওনা হয়।
আৰক্ষীয়ে কয় যে নাবালিকাগৰাকীক সন্দীপে জলন্ধৰৰ এটা কোঠালিলৈ লৈ যায়।
কোঠালিটোত সন্দীপৰ বন্ধুকেইজন উপস্থিত আছিল।
বন্ধুকেইজনৰ নাম ক্ৰমে- ৰণজীত, লাম্বু, বিল্লা, ৰাহুল, সন্তোষ আৰু এজন অচিনাক্ত লোক।
আটাইকেইজনে লগ লাগি নাবালিকাগৰাকীক চাৰি দিনধৰি উপৰ্যুপৰি ধৰ্ষণ কৰে।
অৱশেষত ২০ মাৰ্চ তাৰিখে ৰাতি ১০ বজাত তাইক সিহঁতে ঘৰৰ বাহিৰত থৈ যায়।
বৰ্তমান আৰক্ষীয়ে ধৃত অভিযুক্তকেইজনৰ সন্ধানত তালাচী চলাই আছে।