মাতৃৰ আশীষলৈ মঞ্চত সেৱা জনাই অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব ললে লুৰিনজ্যোতি গগৈয়ে

a lurin

অসমৰ ৰাজনৈতিক জগতত আজি নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে পূৰ্ণাংগ ৰূপ পালে।

এক ঐতিহাসিক ক্ষণৰ সাক্ষী হল শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেল পথাৰ।

শিৱসাগৰৰ বৰ্ডিং খেল পথাৰৰ পৰাই অসমৰ ৰাজনীতি জগতত সংযোগন হল আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ।

অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনৰ আজি দ্বিতীয় তথা অন্তিম দিনা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অসম জাতীয় পৰিষদৰ এই ৰাজনৈতিক অভিৱৰ্তনত দলটোৰ এখন পূৰ্ণাংগ সমিটি গঠন কৰা হয়।  অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে জগদীশ ভূঞা আৰু কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকাক দায়িত্ব অৰ্পণ কৰা হয়।

ইপিনে অসম জাতীয় পৰিষদ দলটোক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক  লুৰিন জ্যোতি গগৈক সভাপতি হিচাপে দায়িত্ব দিয়া হয়।

ইয়াৰোপৰি উপ সভাপতি হিচাপে অদীপ কুমৰ ফুকন, ড০ শিখৰ শৰ্মা, ৰাণা চাংমাই, ইমদাদ হুছেইন, ইজৰাইল নন্দ, পলাশ ৰঞ্জন বৰুৱা, প্ৰদীপ ৰঞ্জন কৰ,   ৰবিন্দ্ৰ কুমাৰ দত্ত, ড০ হৰেশ চেতিয়া, ড০ বীৰেণ বৰুৱা, প্ৰনীতা ডেকাক নিৰ্বাচিত কৰা হয়।

আনহাতে সম্পাদক হিচাপে চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন, বিশ্বজিৎ তিপমীয়া, জান বৰা,  ৰাফেল কুজুৰ, সঞ্জয় দেৱ, আব্দুল হাচিব, অমল ডেকা, ৰাজীৱ ভট্টাচাৰ্য, দিপক হাজৰিকা, বানী দাসক দায়িত্ব দিয়া হয়।

ইয়াৰোপৰি ১১ জন যুটীয়া সম্পাদক আৰু ১১ জন সাংগঠনিক সম্পাদকক লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় অসম জাতীয় পৰিষদৰ।

অসম জাতীয় পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি লুৰিনজ্যোতি গগৈয়ে মুকলি সভাত ভাষণ প্ৰদান কৰি  অসমত আজিৰে পৰা নতুন আঞ্চলিকতাবাদৰ জন্ম হ’ল বুলি কয়।

অসমৰ জনগণৰ আশাৰ বতৰা জাতীয় পৰিষদে কঢ়িয়াই আনিব। ভাষণ প্ৰসংগত দলটোৰ নৱনিৰ্বাচিত সভাপতি লুৰিণজ্যোতিয়ে বিজেপিকে ধৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে।