• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতি হিচাপে জীয়াই থাকিবলৈ হ’লে আমি ভাষাক শক্তিশালী কৰিবই লাগিব: লুৰীণজ্যোতি গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2021 6:47 am
E5d2L9gVEAcmqe-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি গুৱাহাটীত আয়োজিত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দেওবাৰে ‘প্ৰত্যাহ্বান’ নামেৰে এখনি ই-বাৰ্তালোচনী উন্মোচন কৰা হয়৷

ডিজিটেল বাৰ্তালোচনীখন কম্পিউটাৰৰ বুটাম টিপি উন্মোচন কৰে বিশিষ্ট কথাশিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুবজ্যোতি বৰাই৷

Apply Now

শ্বহীত ৰঞ্জিত বৰপূজাৰীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পনেৰে সভাৰ শুভাৰম্ভণি কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷

অসমৰ বিশিষ্ট চলচিত্ৰ পৰিচালক তথা অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজীব ভট্টাচাৰ্য্যই সম্পাদনা কৰা সাপ্তাহিক ই-বাৰ্তালোচনীখন ইন্টাৰনেটত www.pratyahban.in ৱেবছাইটত উপলব্ধ হ’ব৷

জি এছ ৰোডৰ বৰা ছাৰ্ভিছস্থিত বৰাজ ইন হোটেলত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি ই-আলোচনীখনৰ সম্পাদক ৰাজীৱ ভট্টাচাৰ্যই কয় যে অসমীয়া আমাৰ প্ৰথম পৰিচয়৷ অসম যিহেতু ভাৰতৰ অঙ্গৰাজ্য, সেয়ে একোগৰাকী ভাৰতীয় হিচাপেও আমি গৌৰবান্বিত কাৰণ ভাৰতৰ সংবিধানে সকলো ৰাজ্য, সকলো জাতি-জনগোষ্ঠী আৰু ভাষাভাষী লোকক স্বকীয় পৰিচয় অক্ষুন্ন ৰখাৰ অধিকাৰ আৰু স্বাধীনতা দিছে৷ আমি একোগৰাকী ভাল অসমীয়া হৈয়ো আমি একোগৰাকী ভাল ভাৰতীয়৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে তেওঁৰ ভাষণত কয় যে অসমীয়া এটা ভাষা ভিত্তিক জাতি৷ নানা ধৰ্ম আৰু জনগোষ্ঠীৰ লোকক অসমীয়া ভাষাই একতাৰ ডোলেৰে বান্ধিছে আৰু সেই সূত্ৰে বৃহত্তৰ অসমীয়া জাতি গঠিত হৈছে৷ কিন্তু অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত বাহিৰা আগ্ৰাসন বৃটিছৰ দিনৰে পৰাই চলি আহিছে৷ সম্প্ৰতি অসমীয়া ভাষাৰ সমান্তৰালকৈ অসমৰ অন্য থলুৱা ভাষা-সংস্কৃতিৰ ওপৰতো বাহিৰা শক্তিৰ আগ্ৰাসী দৃষ্টি পৰিছে৷

তেওঁ লগতে কয় যে জাতি হিচাপে জীয়াই থাকিবলৈ হ’লে আমি অসমীয়া তথা অন্য থলুৱা ভাষা-সংস্কৃতি সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবই লাগিব৷ অসমীয়া ভাষাৰ ওপৰত চলা ভাষিক আৰু ৰাজনৈতিক আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ হ’লে ৰাজ্য ভাষা আইনৰ যথোপযুক্ত প্ৰয়োগ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো খণ্ডৰ বিদ্যালয়সমূহত অসমীয়া ভাষাক এটা বাধ্যতামূলক ভাষা হিচাপে শিক্ষা প্ৰদানৰ ব্যৱস্থা অধিক কটকটীয়াকৈ প্ৰয়োগৰ ব্যৱস্থা কৰিব লাগিব৷

উন্মোচক ডাঃ ধ্ৰুবজ্যোতি বৰাই নিজৰ ভাষণত কয় যে যিদিনাই ভাষাৰ ভিত্তিত ৰাজ্য প্ৰতিষ্ঠা হৈছিল, সেই দিনাই চৰকাৰে অসমীয়াক ৰাজ্যভাষা হিচাপে ঘোষণা কৰিব লাগিছিল৷ অসমীয়া অসম ৰাজ্যৰ সৰ্ববৃহৎ ভাষা হোৱা স্বত্বেও অসমীয়াক ৰাজ্যভাষা হিচাপে স্বীকৃত কৰোৱাৰ দাবীত অসমীয়া মানুহে আন্দোলন কৰিবলগীয়া হৈছিল আৰু কেইবাগৰাকী অসমীয়াই শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল৷ এয়া নিঃসন্দেহে দুখঃজনক কথা৷ এটা জাতি হিচাপে ই আমি অসমীয়াৰ দৈন্যতাক প্ৰতিফলিত কৰে৷

তেওঁ কয় যে আমাৰ এই দুৰ্বলতাক আনৰ ওপৰত জাপি দি আনে আমাক আগ্ৰাসন কৰিছে বুলি কৈ আমি আমাৰ দুৰ্বলতা আৰু দৈন্যতাক ঢাকি ৰাখিব খুজোঁ৷ তাৰ সলনি ভাষা-সংস্কৃতিৰ শ্ৰীবৃদ্ধিৰ হকে অধিক সক্ৰিয়তাৰে কাম কৰি গৈ থাকিলে আনৰ ষড়যন্ত্ৰ হেলাৰঙে উফৰিব৷ অৱশ্যে এই ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছাৰো প্ৰয়োজন বুলিও ডাঃ বৰাই এক তাৎপৰ্যপূৰ্ণ মত ব্যক্ত কৰে৷

সভাখনত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞায়ো ভাষণ দিয়ে৷

উল্লেখযোগ্য যে উন্মোচিত হোৱা ই-বাৰ্তালোচনীখনৰ প্ৰতিটো নিবন্ধ বা বাতৰিত ‘ভইচ ট্ৰেন্সফ্ৰমেচন’ ব্যৱস্থাৰে বাণীবদ্ধ কৰা হৈছে যাতে পাঠকে আখৰখিনি পঢ়িব নিবিচাৰিলেও সেয়া বাণীবদ্ধ আকাৰে শুনিবও পাৰে৷ অসমীয়া ভাষাত এনে ই-বাৰ্তালোচনী এইখনেই প্ৰথম বুলি সম্পাদক ভট্টাচাৰ্য্য প্ৰকাশ কৰে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd