NORTHEAST NOW (Assamese)

পাটাছাৰকুছিত লুৰিনজ্যোতি গগৈ-পবিন্দ্ৰ ডেকাৰ বিশাল ৰেলী

March 31, 2021 8:51 pm · শশাংক তালুকদাৰ

পাটাছাৰকুছি সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ।

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পবিন্দ্ৰ ডেকাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হল দলটোৰ সভাপতি লুৰিনজ্যোতি গগৈ ।

পাটাছাৰকুছিৰ পৰা আৰম্ভ কৰা এক বিশাল বাইক ৰেলীৰে প্ৰাৰ্থী পবিন্দ্ৰ ডেকাই একপ্ৰকাৰ সমষ্টিটোত প্ৰদৰ্শন কৰিলে জাতীয়তাবাদী শক্তি ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে সংগবাদীকৰে মুখামুখিত মন্তব্য কৰে যে এইবাৰ অসম জাতীয় পৰিষদেই চৰকাৰ গঠন কৰিব ।

পাটাছাৰকুছিত পবিন্দ্ৰ ডেকা বিপুল ভোটত জয়ী হব আৰু ইতিমধ্যে সমগ্র অসমত জাতীয়তাবাদী লহৰ বৈ গৈছে বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে শেহতীয়া বিজ্ঞাপন বিতৰ্কক লৈও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

তেওঁ কয় যে এনে বিতৰ্ক সঁচাকৈয়ে লজ্জাজনক।

Related News