চলিত বৰ্ষত ভাৰতত লিংগ বৈষম্যতা দ্ৰুতভাৱে বৃদ্ধি পাইছে।
ৱৰ্ল্ড ইক’নমিক ফৰামে (World Economic Forum) প্ৰকাশ কৰা গ্ল’বেল জেণ্ডাৰ গেপ ৰিপ’ৰ্ট ২০২১ (Global Gender Gap Report 2021) ভাৰতে পূৰ্বতকৈ স্থানৰ পৰা অৱনমিত হৈছে।
ৰিপ’ৰ্টটোত বিশ্বৰ ১৫৬খন দেশৰ ভিতৰত ভাৰত আছে ১৪০ নম্বৰত।
২০২০ চনত ভাৰতৰ স্থান আছিল ১৫৩খন দেশৰ ভিতৰত ১১২।
নাৰীৰ অৰ্থনৈতিক অংশগ্ৰহণ আৰু সুবিধাৰ ভিত্তিত এই ৰিপ’ৰ্টটো প্ৰস্তুত কৰা হয়।
এইক্ষেত্ৰতো ভাৰতে বহু পাছ পৰিল বুলি ৰিপ’ৰ্টটোত পোৱা গৈছে।
আনহাতে ভাৰতৰ ৰাজনীতিত নাৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰতো ভাৰতে অৱনমিত হৈছে।
স্বাস্থ্যসজাগতাতো ভাৰতীয় নাৰীৰ অংশগ্ৰহণ অৱনমিত হৈছে বুলি ৰিপ’ৰ্টটোত প্ৰকাশ কৰিছে।
ৰিপ’ৰ্টটোৱে কোৱা মতে, চাৰিজনীৰ মাজত এজনী মহিলাই ভাৰতত অত্যাচাৰৰ সন্মুখীন হয়।
শিক্ষিত হাৰৰ ক্ষেত্ৰতো ৰিপ’ৰ্টটোৰ মতে ভাৰতত নাৰীৰ স্থান অৱনমিত হৈ আছে।
১৫৬খন দেশৰ ভিতৰত ভাৰতে ১৪০ সংখ্যক স্থানত থকাৰ বিপৰীতে ভাৰতৰ চুবুৰীয়া কিছু দেশে ৰিপ’ৰ্টটোত ভাৰততকৈ উন্নত স্থানত থকা দেখা গৈছে।
ভাৰততকৈ উপৰত বাংলাদেশে ৬৫, নেপালে ১০৬, ভূটানে ১৩০ আৰু শ্ৰীলংকাই ১১৬ স্থানত আছে।
আনহাতে ভাৰততকৈ পাছ পৰি পাকিস্তানে ১৫৩ আৰু আফগানিস্তানে ১৫৬ স্থানত আছে।
ভৌগোলিকভাৱে, ৰিপ’ৰ্টটোত দক্ষিণ এছিয়াৰ দেশসমূহ নাৰী সৱলীকৰণৰ ক্ষেত্ৰত পাছ পৰি আছে.
১৫ বছৰ ধৰি ৱৰ্ল্ড ইক’নমিক ফৰামে প্ৰকাশ কৰি অহা ৰিপ’ৰ্টোত চাৰিখন ক্ষেত্ৰ বিশেষভাৱে অধ্যয়ন কৰে।
সেয়া হৈছে- অৰ্থনৈতিক অংশগ্ৰহণ আৰু সুবিধা, শৈক্ষিক অগ্ৰগতি, স্বাস্থ্য আৰু জীৱনপ্ৰণালী আৰু ৰাজনৈতিক সৱলীকৰণ।
চলিত বৰ্ষৰ ৰিপ’ৰটোত আইচলেণ্ড আটাইতকৈ লিংগ-সমঅধিকাৰবাদী দেশ হিচাপে স্থান লাভ কৰিছে।
উল্লেখযোগ্য যে যোৱা ১২ বছৰ ধৰি আইচলেণ্ডে এই সন্মান লাভ কৰি আহিছে।
লিংগ-সমতাৰ ক্ষেত্ৰত শীৰ্ষ ১০ত থকা দেশকেইখন হৈছে- ফিনলেণ্ড, নৰৱে, নিউজিলেণ্ড, ৰাৱাণ্ডা, চুইডেন, আয়াৰলেণ্ড আৰু চুইজাৰলেণ্ড।