• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্দশাগ্ৰস্ত মানুহৰ আৱেগক লৈ হেতালি নেখেলিব;বিজেপি চৰকাৰলৈ অসম জাতীয় পৰিষদৰ আহ্বান

মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধ প্ৰসংগত চৰকাৰলৈ বিশেষ আহ্বান জাতীয় পৰিষদৰ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 12, 2021 6:59 pm
llll
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি, চৰ্তবিহীনভাৱে সকলোৰে ঋণৰ ধন পৰিশোধ কৰিবলৈ আহ্বান জনালে লুৰীণজ্যোতি গগৈয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি গগৈয়ে কয়”২০২১চনৰ বিধান সভা নিৰ্বাচনত বিজয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিব পাৰিলে মাইক্ৰ’ ফাইনেন্স প্ৰতিষ্ঠান আদিৰ পৰা ক্ষুদ্ৰ ঋণ গ্ৰহণ কৰাসকলৰ ঋণৰ সম্পূৰ্ণ ধন চৰকাৰৰ ফালৰ পৰা আদায় দিয়া হ’ব বুলি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰতি দিছিল৷”

Apply Now

 

নিৰ্বাচনৰ পূৰ্বে ডঃ শৰ্মাই অংশগ্ৰহণ কৰা প্ৰায় সকলো সভাতে তেওঁ এই কথা হাজাৰ হাজাৰ লোকক সাক্ষী কৰি ৰাজহুৱাকৈ ঘোষণা কৰিছিল বুলি উল্লেখ কৰে গগৈয়ে।

 

ডঃ শৰ্মাৰ উক্ত আশ্বাস সমূহত পতিয়ন গৈ অসমৰ ৰাইজে বিজেপিক ভোটদান কৰি ক্ষমতাত অধিষ্ঠিত কৰোৱাইছে বুলি কটাক্ষ কৰি লুৰীণ জ্যোতিয়ে কয় “কিন্তু ক্ষমতাত বহিয়ে ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে সম্পূৰ্ণ পাভ লুটি খোৱা দেখা পোৱা গৈছে।”

 

আনহাতে নিৰ্বাচনৰ সময়ত বহু বাৰ মাইক্ৰ’ ফাইনেন্সৰ ঋণ পৰিশোধ প্ৰসংগত বহু কেইটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হোৱা কথাক লৈ লুৰীণজ্যোতি গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাষণ পুনৰ সুৱৰাই কয় “অহা ২ মে’ৰ (২০২১) ৰিজাল্ট দিয়াৰ পিছত বন্ধন আৰু মাইক্ৰ’ ফাইনেন্সত যিমান লোন আছে, এই লোন চৰকাৰে ঘুৰাই দিব, আপোনালোকে ঘুৰাই দিব নালাগে৷ (হৰ্ষোল্লাস) এই গোটেই লোন, কাৰোবাৰ এক লাখ আছে, কাৰোবাৰ ডেৰ লাখ আছে, কাৰোবাৰ চল্লিশ হাজাৰ আছে; এই যিমান লোন আছে, এই গোটেই লোনটো চৰকাৰে ঘুৰাই দিব, আপোনালোকে ঘুৰাই দিব নালাগে৷ আপোনালোকৰ পৰা আমি কেৱল হিচাপ লম যে কাৰোবাৰ এক লাখ আছে কাৰোবাৰ ডেৰ লাখ আছে কাৰোবাৰ চল্লিশ হাজাৰ আছে; এই সকলো টকা আমি চৰকাৰে বেংকক দি দিম আৰু আপোনালোকক চাৰ্টিফিকেট দি দিম যে আপোনালোক ঋণ মুক্ত৷”

 

লুৰীনে লগতে কয় “ডঃ শৰ্মাৰ উল্লিখিত বক্তব্যৰ পৰা এইটো স্পষ্ট যে তেওঁ বিজেপিৰ চৰকাৰ আহিলে কোনো বাচবিচাৰ নকৰাকৈ সকলো ঋণগ্ৰস্তক ঋণমুক্ত কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু ঋণমুক্তিৰ বিষয়টো অধ্যয়ন কৰিবলৈ ৰাজ্য কেবিনেটে গঠন কৰি দিয়া সমিতিৰ অধ্যক্ষ তথা মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই কালি সংবাদ মেলত ঘোষণা কৰে যে চৰকাৰে চৰ্তসাপেক্ষে কিছু নিৰ্দিষ্ট মহিলাৰহে ঋণৰ টকা বেংকক ঘুৰাই দিব, সকলোৰে নহয়৷”

 

যিসকল লোকৰ বছেৰেকীয়া উপাৰ্জন এক লাখতকৈ কম, যিসকলৰ ঘৰত চাৰিচকীয়া বাহন নাই, ২০২০ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে বেংকে ‘এন পি এ’ ঘোষণা নকৰা, যি পৰিয়ালৰ মাত্ৰ এগৰাকী মহিলাইহে ঋণ লৈছে আৰু এটা নিৰ্দিষ্ট সীমালৈকে ঋণ গ্ৰহণ কৰা লোক – এইসকলক বাদ দি বাকী আন কাৰো ঋণৰ দায়িত্ব চৰকাৰে নলয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে৷ মন্ত্ৰীগৰাকীৰ এই বক্তব্য মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা সভাবোৰত কৰা ঘোষণাৰ পৰিপন্থী।” বুলি লুৰীণজ্যোতি গগৈয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয়।

 

এই লুটি বাগৰ মাৰি ৰাইজৰ লগত হেতালি খেলা এইখন বিজেপি চৰকাৰলৈ অসম জাতীয় পৰিষদৰ হৈ লুৰীণজ্যোতি গগৈয়ে ৰাইজৰ ঋণ সমূহ ওভতাই ৰাইজক এই মহা সংকটৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনায়।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd