NORTHEAST NOW (Assamese)

লুইতৰ বুকুৰে ‘এম ভি মহাবাহু’ৰ মহাযাত্ৰা

April 30, 2019 9:32 am · এন ই নাও নিউজ
Updated: April 30, 2019 10:03 am
বিলাসী জাহাজ এম ভি মহাবাহুৰ যাত্ৰাৰ শুভৰাম্ভৰ দৃশ্য

ৰাজ্যত জল পথ পৰিবহন ব্যৱস্থাৰ প্ৰসাৰ আৰু ইয়াৰ জৰিয়তে দেশী- বিদেশী পৰ্যটক সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে সোমবাৰে অসমৰ পৰা যাত্ৰা আৰম্ভ কৰে বিলাসী জাহাজ ‘এম ভি মহাবাহুৱে’।

এতিয়াৰ পৰা জলপথেৰে ভ্ৰমণ কৰিবলৈ বিচৰা সকলৰ বাবে এম ভি মহাবাহুৱে দিব ৰোমাঞ্চকৰ নদী পথেৰে যাত্ৰাৰ মাদকতা।

ভাৰত চৰকাৰৰ ভাৰতীয় আভ্যন্তৰীণ জল পথ প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ গুৱাহাটী উন্নয়ণ বিভাগৰ যুতীয়া প্ৰয়াসৰ অংশস্বৰূপে সোমবাৰে গুৱাহাটীৰ ঐতিহাসিক পাণ্ডু ঘাটৰ পৰা কলকাতালৈ ছয়গৰাকী ব্ৰিটিছ আৰু দুগৰাকী ভাৰতীয় পৰ্যটক সহ মুঠ আঠগৰাকী যাত্ৰী লৈ যাত্ৰা আৰম্ভ কৰিছে এম ভি মহাবাহুৱে।

বিলাসী যাহাজ খনৰ যাত্ৰাৰ শুভৰাম্ভণিৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী যাত্ৰীকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। জাহাজখনৰ যাত্ৰাৰ শুভৰাম্ভৰ সময়ত উপস্থিত থাকে গুৱাহাটী উন্নয়ন বিভাগৰ প্ৰধান সচিব মণিন্দৰ সিং, পৰিবহণ বিভাগৰ সচিব বীৰেন্দৰ মিট্টালৰ লগতে বিভিন্ন বিভাগৰ ভালেকেইগৰাকী আগশাৰীৰ বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে।

উল্লেখযোগ্য যে,  ২৩ টা কেবিনযুক্ত জাহাজখনত মুঠ ৪৬ গৰাকী পৰ্যটকৰ লগতে ২৬ গৰাকী কৰ্মচাৰীয়ে একেলগে যাত্ৰা কৰিব পাৰে। প্ৰায় ১৬ দিন আৰু ১৭ ৰাতিৰ যাত্ৰাৰ অন্তত বিভিন্ন নদীৰ বুকুৰে যাত্ৰা কৰি কলিকতাত উপস্থিত হ’ব বিলাসী জাহাজ এম ভি মহাবাহুৱে।

Related News