NORTHEAST NOW (Assamese)
Popular Stories

ছেৰামৰ প্ৰধানে ক’লে পাঁচ কোটি অক্সফ’ৰ্ড কোভিড ভেকচিনৰ ড’জ সাজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2020 10:54 am
index.jpga

অক্সফ’ৰ্ডৰ কোভিড ভেকচিনৰ পাঁচ কোটি ড’জ সাজু কৰা হৈছে। এই ঘোষণা ভেকচিনটোৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰতৰ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰধান অধৰ পুলনাৱালাৰ।

উল্লেখ্য যে অক্সফ’ৰ্ডৰ কোভিড ভেকচিনটোৰ অষ্ট্ৰাজেনেকাৰ সৈতে ছেৰামে প্ৰস্তুত কৰিছে।

ভাৰতৰ পুণেস্থিত ছেৰামৰ শীৰ্ষ বিষয়াৰ মতে আগন্তুক বৰ্ষৰ মাৰ্চত ১০ কোটি ড’জ প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব প্ৰতিষ্ঠানটোৱে।

পিটিআইৰ বাতৰি অনুসৰি ইতিমধ্যে প্ৰতিষ্ঠানটোৱে ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ ওচৰত জৰুৰীকালীন ব্যৱহাৰৰ কতৃত্ব বিচাৰি বাবে আবেদন কৰিছে।

“ইতিমধ্যে আমি ভেকচিনটোৰ ৪০-৫০ মিলিয়ন ড’জ প্ৰস্তুত কৰিছো।” প্ৰতিষ্ঠানটোৰ চিইঅ’ অধৰ পুনাৱালাই কয়।

ইফালে ব্ৰিটেইনত অহা মাহত ভেকচিনটো ব্যৱহাৰ অনুমোদন লাভ কৰিব বুলি মন্তব্য কৰি অধৰ পুনাৱালাই আশা প্ৰকাশ কৰিছে তাৰ পিছৰ মাহতে ভাৰততো ই অনুমোদন লাভ কৰিব।