NORTHEAST NOW (Assamese)
অসম

Covid-19 Update: দেশত নিম্নগামী কৰ’নাৰ দৈনিক সংক্ৰমণ; মৃত্যুৰ সংখ্যাই বঢ়াইছে উদ্বেগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2022 12:49 pm
Covid India

দেশত কোভিড-১৯ৰ দৈনিক সংক্ৰমণৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা তথা পজিটিভিটিৰ হাৰ নিম্নগামী হোৱা দেখা গৈছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাটো উদ্বেগজনক হিচাপে বিবেচিত হৈছে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত বিগত ২৪ ঘণ্টাত ২লাখ ৩৫হাজাৰ ৫৩২ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

দেশত বৰ্তমান পজিটিভিটিৰ হাৰ ১.৩৯ শতাংশ হৈছে ।

আনহাতে, যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৮৭১গৰাকী।

লগতে পঢ়ক: ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

দেশত কালান্তক কোভিডে প্ৰাণ হৰি নিয়া মুঠ লোকৰ সংখ্যা হৈছেগৈ ৪লাখ ৯৩হাজাৰ ১৯৮গৰাকী।

আজিৰ তাৰিখত দেশত সক্ৰিয় কোভিড ৰোগীৰ হৈছে ২ লাখ হাজাৰ ৩৩৩গৰাকী।

বিগত ২৪ঘন্টাত দেশত কোভিডৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩লাখ ৩৫হাজাৰ ৯৩৯গৰাকী।

লগতে পঢ়ক:অসমত আৰক্ষীৰ এনকাউণ্টাৰৰ ৯৯ শতাংশই ভুৱা : মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া

দেশত এতিয়ালৈকে মুঠ কোভিড মুক্ত লোকৰ সংখ্যা হৈছে হৈছে ৩ কোটি ৮৩ লাখ ৬০ হাজাৰ ৭১০ গৰাকী।

দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যাই ১৬.৪ কোটিৰ ঘৰ অতিক্ৰম কৰিছে।