NORTHEAST NOW (Assamese)
দেশ

পাকিস্তানলৈ সেনাৰ গোপন তথ্য সৰবৰাহ: বংগত বিশেষ টাস্ক ফ’ৰ্চৰ জালত পৰিল বিহাৰৰ গুড্ডু কুমাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2022 10:17 pm
Pakistani spy

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত আজি পুৱা বংগৰ শিলিগুৰিৰ পৰা বিহাৰৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে পশ্চিম বংগৰ বিশেষ টাস্ক ফ’ৰ্চে।

ধৃত ব্যক্তিগৰাকীক বিহাৰৰ পূব চম্পাৰাণৰ বাসিন্দা গুড্ডু কুমাৰ বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান শিলিগুৰিৰ ভাৰত নগৰত বাস কৰা কুমাৰক নিউ জলপাইগুৰি থানাৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে টাস্ক ফ’ৰ্চে

টাস্ক ফ’ৰ্চে জানিবলৈ দিয়া মতে, কুমাৰে বহু দিনৰ পৰা ভাৰতীয় সেনা সম্পৰ্কীয় গোপন তথ্য ই-মেইল যোগে পাকিস্তানৰ এজেণ্টলৈ প্ৰেৰণ কৰি আহিছিল।

দেশৰ নিৰাপত্তাৰ বাবে অত্যন্ত ভাবুকিপূৰ্ণ এই অপৰাধত অভিযুক্ত গুড্ডু কুমাৰৰ বিৰুদ্ধে শিলিগুৰিৰ নতুন জলপাইগুৰি থানাত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে।