• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনত টিকট নাপাই বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ অনুগামীৰ তাণ্ডৱ; পথ অৱৰোধ, আৰক্ষীৰ সৈতে সংঘৰ্ষ

কেৱল মধ্যপ্ৰদেশতে নহয়, ৰাজ্যৰ বাহিৰতো এই ঘটনাক লৈ তুমুল চৰ্চা চলিছে। কাৰণ নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ যুগত বিজেপিত নিৰ্বাচনী টিকট নোপোৱাৰ পিছত ৰাজপথত প্ৰতিবাদ কৰাৰ তেনে উদাহৰণ প্ৰায় নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2026 2:52 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩০ জুলাইত আন কেইবাখনো ৰাজ্যৰ লগতে মধ্যপ্ৰদেশৰ দতিয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবেও ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তাত প্ৰাৰ্থী হ’ব বিচাৰিছিল প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নৰোত্তম মিশ্ৰই। বিজেপিৰ এইজন জ্যেষ্ঠ নেতা ৰাজ্যখনৰ পূৰ্বৰ চৰকাৰৰ গৃহমন্ত্ৰী আছিল।

কিন্তু ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাস্ত হয়। আশুতোষ তিৱাৰীক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰিছে বিজেপিয়ে। ইয়াৰ পিছতে নৰোত্তম মিশ্ৰৰ প্ৰায় ৩ হাজাৰ অনুগামীয়ে স্থানীয় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

Apply Now

১২ ঘণ্টা ধৰি চলি থকা অৱৰোধৰ ফলত ৰাজ্যৰ এক বৃহৎ অঞ্চলত যাতায়ত স্তব্ধ হৈ পৰে। অনুৰোধৰ পিছতো অৱৰোধকাৰীয়ে লৰচৰ নকৰাত অৱশেষত আৰক্ষীয়ে লাঠিচালনা কৰে। বিজেপি সমৰ্থক আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ চলে।

এই সংঘৰ্ষত দুয়ো পক্ষৰ কেইবাজনো লোক আহত হয়। বিজেপি কৰ্মীয়ে আৰক্ষীক ইটা আৰু শিলগুটি নিক্ষেপ কৰে। আৰক্ষী অধীক্ষক ময়ুৰ খাণ্ডেলৱালে কয় যে ৩ হাজাৰ লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখাত সমগ্ৰ অঞ্চলটোৰ জনজীৱন ব্যাহত হৈ পৰিছিল।

কেৱল মধ্যপ্ৰদেশতে নহয়, ৰাজ্যৰ বাহিৰতো এই ঘটনাক লৈ তুমুল চৰ্চা চলিছে। কাৰণ নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ যুগত বিজেপিত নিৰ্বাচনী টিকট নোপোৱাৰ পিছত ৰাজপথত প্ৰতিবাদ কৰাৰ তেনে উদাহৰণ প্ৰায় নাই।

বিগত সময়ত দেখা পোৱা ঘটনাৰ ভিতৰত ২০২৩ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই ৰাজ্যৰ কেইবাজনো প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতাই  দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল। কিন্তু তেওঁলোকে দল ত্যাগ কৰি নিৰ্বাচনত বিশেষ লাভৱান হ’ব পৰা নাছিল। সেই নির্বাচনত বিজেপিৰ পৰাজয়ৰ পাছত পদত্যাগী নেতাসকল পুনৰ গেৰুৱা শিবিৰলৈ উভতি আহে৷

নৰোত্তম মিশ্ৰ মধ্যপ্ৰদেশ বিজেপিৰ অতি প্ৰভাৱশালী নেতা হিচাপে সৰ্ব পৰিচিত। প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ চৰকাৰত গৃহমন্ত্ৰী হিচাপে তেওঁ যথেষ্ট বিতৰ্কিত আছিল। শিৱৰাজ সিং চৌহানে বিজেপি চৰকাৰৰ উগ্ৰ হিন্দুত্ববাদী কাৰ্যসূচী ঘোষণা আৰু কাৰ্যকৰী কৰিবলৈ তেওঁকে আগবঢ়াই দিছিল।

আনকি নৰোত্তমক এটা সময়ত মুখ্যমন্ত্ৰী হিচাপে শিৱৰাজ সিং চৌহানৰ উত্তৰাধিকাৰী হিচাপেও গণ্য কৰা হৈছিল। কিন্তু বিধানসভা নিৰ্বাচনত দতিয়া সমষ্টিত তেওঁ পৰাজিত হয়। তেতিয়াও বিজেপিত আভ্যন্তৰীণ যুঁজৰ বিষয়টো আলোচনাৰ মাজলৈ আহিছিল। কোৱা হৈছিল যে দলৰ এটা অংশই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁক পৰাস্ত কৰিছিল।

সেই দতিয়া সমষ্টিত অহা ৩০ জুলাইত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।প্ৰভাৱশালী নেতা নৰোত্তমে আশা কৰিছিল যে সেই সমষ্টিৰ পৰা টিকট দি তেওঁক বিধানসভালৈ ঘূৰাই অনা হ’ব। কিন্তু বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই সেই পথ নল’লে। প্ৰতিবাদত তেওঁৰ অনুগামীসকলে পথ অৱৰোধ কৰি জনজীৱন বিঘ্নিত কৰে।

অৱশ্যে বিজেপিৰ প্ৰাৰ্থী আশুতোষ তিৱাৰীয়ে দাবী কৰিছে যে বিবাদৰ সমাধান হৈছে। শীৰ্ষ নেতৃত্বৰ সৈতে তেওঁ কথা পাতিছে। নৰোত্তম মিশ্ৰইও তেওঁক প্ৰচাৰ অভিযানত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ বছৰ বয়সতে বিমান সজা আৰু নাছাৰ চাকৰি প্ৰত্যাখ্যান কৰা ছাব্ৰিনাক কিয় কোৱা হয় পৰৱৰ্তী আইনষ্টাইন?   

১২ বছৰ বয়সতে বিমান সজা আৰু নাছাৰ চাকৰি প্ৰত্যাখ্যান কৰা ছাব্ৰিনাক কিয় কোৱা হয় পৰৱৰ্তী আইনষ্টাইন?  

July 11, 2026 3:29 pm
নিৰ্বাচনত টিকট নাপাই বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ অনুগামীৰ তাণ্ডৱ; পথ অৱৰোধ, আৰক্ষীৰ সৈতে সংঘৰ্ষ

নিৰ্বাচনত টিকট নাপাই বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ অনুগামীৰ তাণ্ডৱ; পথ অৱৰোধ, আৰক্ষীৰ সৈতে সংঘৰ্ষ

July 11, 2026 2:52 pm
১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

July 11, 2026 1:17 pm
ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

July 11, 2026 12:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ বছৰ বয়সতে বিমান সজা আৰু নাছাৰ চাকৰি প্ৰত্যাখ্যান কৰা ছাব্ৰিনাক কিয় কোৱা হয় পৰৱৰ্তী আইনষ্টাইন?   

১২ বছৰ বয়সতে বিমান সজা আৰু নাছাৰ চাকৰি প্ৰত্যাখ্যান কৰা ছাব্ৰিনাক কিয় কোৱা হয় পৰৱৰ্তী আইনষ্টাইন?  

July 11, 2026 3:29 pm
নিৰ্বাচনত টিকট নাপাই বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ অনুগামীৰ তাণ্ডৱ; পথ অৱৰোধ, আৰক্ষীৰ সৈতে সংঘৰ্ষ

নিৰ্বাচনত টিকট নাপাই বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ অনুগামীৰ তাণ্ডৱ; পথ অৱৰোধ, আৰক্ষীৰ সৈতে সংঘৰ্ষ

July 11, 2026 2:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd