NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছক বিদায় এম জি ভি কে ভানুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2019 10:37 pm

ৰাহুল-বন্দনাৰে যোৱাটো লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ মজিয়াত নিজৰ অৱস্থিতি ঘোষণা কৰা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে আজি কংগ্ৰেছক বিদায় দিয়ে।

দক্ষিণ ভাৰতীয় প্ৰাক্তন আই এ এছ বিষয়াজনে যোৱা ১১ ফেব্ৰুৱাৰিত গুৱাহাটীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছিল।

আশা কৰাতকৈ সোনকালেই দলটোক বিদায় দিয়াৰ কাৰণ “ব্যক্তিগত” বুলি উল্লেখ কৰিছে ভানুৱে।

“মোৰ কংগ্ৰেছক বেয়া পাব লগীয়া একো নাই। কিন্তু ব্যক্তিগত কাৰণত দলটো এৰিছো”, প্ৰতিদিন টাইমত প্ৰাক্তন আই এ এছ বিষয়াজনৰ উদ্ধৃতি।

ভানুৱে যোৱা লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগ বঢ়াই বিজেপিৰ পল্লৱ লোচনৰ হাতত পৰাজিত হৈছিল।

আনহাতে এইবাৰ ৰঙাপৰা সমষ্টিৰ উপ-নিৰ্বাচন দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা ভানুক দেখা নগ’ল, যিটো ৰাজনৈতিক মহলৰ চকুত পৰিছিল।

উল্লেখযোগ্য যে ভানুৱে যোৱা ১১ ফেব্ৰুৱাৰিত কংগ্ৰেছত যোগদান কৰিয়ে এটা টুইটত ৰাহুল গান্ধীৰ নেতৃত্বক প্ৰশংসা কৰিছিল এইদৰে-

“শ্ৰী ৰাহুল গান্ধীজীৰ গতিশীল নেতৃত্বৰ অধীনত কংগ্ৰেছৰ হৈ কাম কৰিবলৈ পাই আনন্দিত আৰু আৱেগিক হৈ পৰিছো”।

তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাত থাকি অসমত ৩৩ বছৰ কাম কৰিছিল।

কংগ্ৰেছ ত্যাগ সন্দৰ্ভত মত ল’বৰ বাবে নৰ্থ-ইষ্ট নাওৰ পৰা ভানুক যোগাযোগ কৰা হৈছিল যদিও পোৱা নগ’ল