NORTHEAST NOW (Assamese)

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

August 18, 2025 6:55 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 18, 2025 5:09 pm

অসম চৰকাৰে চলাই থকা উচ্ছেদ অভিযানত সোমবাৰে বিশ্বনাথ জিলাৰ ৫৫ একৰ চৰকাৰী ভূমি মুকলি কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছচিয়েল মিডিয়াত এই অভিযান সন্দৰ্ভত ঘোষণা কৰে যে “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হব৷ অসমনগালেণ্ড সীমান্তৰ গোলাঘাট জিলাতো একেধৰণৰ অভিযান মাত্ৰ কেইদিনমান পিছতে এই কথা পোহৰলৈ আহিছে।

সম্প্ৰতি এই বৃহৎ পৰিসৰৰ উচ্ছেদক লৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক “অনুপ্ৰৱেশকাৰীৰ বাবে শোক কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে অভিযোগ কৰে যে এই অভিযানে মুছলমান সম্প্ৰদায়ক অসমতাপূৰ্ণভাৱে লক্ষ্য কৰি লৈছে। এ আই ইউ ডি এফৰ নেতা ৰফিকুল ইছলামে যুক্তি দিছিল যে প্ৰকৃত নাগৰিকক স্থানচ্যুত কৰা হৈছে আৰু “অসমৰ আইন-শৃংখলাৰ পৰিস্থিতি অৱনতি ঘটিছে। আনকি ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ দাবী উত্থাপন কৰিছে দলটোৱে।

বিশেষজ্ঞসকলে কয় যে চৰকাৰী মাটি পুনৰ দাবী কৰাটো ৰাজ্যৰ আইনী অধিকাৰ যদিও উচ্ছেদৰ নিৰ্বাচিত প্ৰকৃতিয়ে পক্ষপাতিত্ব আৰু সাম্প্ৰদায়িক লক্ষ্য নিৰ্ধাৰণৰ উদ্বেগ সৃষ্টি কৰে। হাজাৰ হাজাৰ স্থানচ্যুত লোকৰ পুনৰ্বাসনৰ সন্দৰ্ভত প্ৰশ্ন ৰৈ গৈছে, যাৰ বহুতেই  ভাৰতীয় নাগৰিক। স্পষ্ট পুনৰ সংস্থাপন নীতিৰ অবিহনে এনে অভিযানে সামাজিক উত্তেজনা গভীৰ কৰাৰ আশংকা প্ৰকাশ কৰাৰ লগতে সম্প্ৰদায় আৰু চৰকাৰৰ মাজৰ আস্থাক ক্ষতিগ্ৰস্ত কৰে।

Related News