NORTHEAST NOW (Assamese)

অসমত ২৪ মাৰ্চৰ পৰা ৩১ মাৰ্চ পৰ্যন্ত সম্পূৰ্ণ লকডাউন ঘোষণা

March 23, 2020 5:25 pm · এন ই নাও নিউজ
Updated: March 23, 2020 5:35 pm
হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ অসমত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হয়।

আজি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে।

লক ডাউনৰ সময়ত চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠান বন্ধ ৰখাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। ইফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দোকান, ফাৰ্মাচী, পেট্ৰ’ল পাম্প আদি খোলা থাকিব বুলি কয়।

আনহাতে সম্পূৰ্ণ লক ডাউনৰ সময়ত যদি কোনোবা লোকে বিনা কাৰণত ঘৰৰ বাহিৰ ওলাই তেন্তে সেই লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এই নিয়ম ভংগকাৰীসকলক ৬ মাহৰ পৰা ২ বছৰ পৰ্যন্ত জেইললৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে চিকিৎসালয়, অগ্নি নিৰ্বাপক, জৰুৰী সেৱা, এম্বুলেন্স সেৱা আদি চলি থাকিব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

Related News