যুক্তি, লোকসংস্কৃতিৰ উপস্থাপনেৰে কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত ‘লোকৰংগম’
গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে শনিবাৰে এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ওলাইছে ‘লোকৰংগম’ শীৰ্ষক এক অনুষ্ঠান। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ ছাত্ৰ সংগঠন সমূহৰ প্ৰতিনিধিসমূহক লৈ ‘বাক্কলহ’ শীৰ্ষক এখন কনক্লেভৰো আয়োজন কৰা হৈছে।
অসমৰ জেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে আত ধৰিবলগা অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আদি ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠানটো আৰম্ভ হ’ব।
লোকৰংগম সন্দৰ্ভত বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংকুৰণ দত্তই পৰম্পৰাগত লোক সংস্কৃতি সমূহক যোগাযোগৰ মাধ্যম হিচাপে পুনৰুদ্ধাৰ কৰি মানুহৰ মাজলৈ লৈ গৈ ইয়াৰ গ্ৰহণ যোগ্যতা সন্দৰ্ভত পৰ্য্যালোচনা কৰাৰ এক প্ৰচেষ্টা বুলি উল্লেখ কৰে। অনুষ্ঠানত প্ৰদৰ্শন হ’বলগীয়া ভাওনা আৰু পুতলা নাচক যোগাযোগৰ মাধ্যম হিচাপে উপস্থাপন কৰি বিভিন্ন আঁচনি ইয়াৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ লৈ যোৱাই মুখ্য উদ্দেশ্য হিচাপে অভিহিত কৰে অধ্যাপকগৰাকীয়ে।
তদুপৰি, যুৱ কনক্লেভ খন সন্দৰ্ভত তেওঁ উত্তৰ-পূবত সম্ভৱত প্ৰথমবাৰৰ বাবে এনেধৰণৰ কলক্লেভ অনুষ্ঠিত হবলৈ গৈ আছে বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে, বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘ৰুক্মিণী হৰণ’ ভাওনাখন প্ৰদৰ্শন কৰা হ’ব। বিভাগৰ ছাত্ৰ ঝুণাকংকন ভূঞাই পৰিচালনা কৰা ভাওনাখনত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে ভাও লৈছে।
তৰোপৰি, ভূল তথ্য আৰু মিছা খবৰে মানুহক কেনেদৰে বিপথে পৰিচালিত কৰে সেই সম্পৰ্কীয় এখন পুতলা নাচো বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশন কৰা হ’ব।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ সাংবাদিকতা বিভাগৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে।