NORTHEAST NOW (Assamese)

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজপথত নামিব কৃষক সংগঠন; ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান

January 25, 2024 12:47 pm · এন ই নাও নিউজ, গুৱাহাটী
কৃষক নেতা ৰাকেশ টিকায়েট। ফাইল ফটো।

লোকসভা নিৰ্বাচনৰ পূৰ্বে কৃষকসকলে মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। এলানি দাবী লৈ ৰাজপথত নমাৰ হুংকাৰ দিছে কৃষকনেতাসকলে।

দেশৰ কৃষক সংগঠনসমূহে ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান জনাইছে। সংযুক্ত কিষাণ মৰ্চা, ভাৰতীয় কিষাণ ইউনিয়নৰ লগতে কেইবাটাও কৃষক সংগঠনে সেইদিনা ৰাজপথলৈ ওলাই আহিব।

শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (MSP)ৰ আইনী নিশ্চয়তা, ক্ৰমাগতভাৱে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ বিৰুদ্ধে সৰৱ হ’ব। লগতে কেন্দ্ৰৰ অগ্নিবীৰ আঁচনিৰ বিৰোধিতা, পেঞ্চন আঁচনিও এই ধৰ্মঘটৰ তেওঁলোকৰ মূল দাবীৰ ভিতৰত অন্যতম।

ভাৰতীয় কিষাণ সংঘৰ নেতা ৰাকেশ টিকায়েটে কয় যে এই বন্ধক কেৱল কৃষকৰ ধৰ্মঘট বুলি ভুল কৰা উচিত নহয়। এই ধৰ্মঘট দেশৰ সকলো ৰাইজৰ স্বাৰ্থত। গতিকে এই ধৰ্মঘটত সকলোৱে অংশগ্ৰহণ কৰক।

শেহতীয়াকৈ পৰিবহণ কৰ্মীসকলে কেন্দ্ৰৰ নতুন আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল। এই আন্দোলনত তেওঁলোককো যোগদান কৰিবলৈ আহ্বান জনাইছে কৃষক নেতাগৰাকীয়ে। 

Related News