NORTHEAST NOW (Assamese)

দোহা অপেনত বিজয়েৰে টেনিছ কোৰ্টলৈ ছানিয়া মিৰ্জাৰ সফল প্ৰত্যাৱৰ্তন

March 2, 2021 2:29 pm · এন ই নাও নিউজ

এবছৰৰ বিৰতিৰ পাছত ছানিয়া মিৰ্জা পুনৰ টেনিছ কোৰ্টলে উভটি আহিছে আৰু আহিয়েই বিজয়ৰ মুখ দেখা পালে।

সোমবাৰে কাটাৰৰ দোহাত অনুষ্ঠিত কাটাৰ টটেল অপেন প্ৰতিযোগিতাৰ ডাবলছ কোৱাৰ্টাৰ-ফাইনেলত ছানিয়া মিৰ্জাই ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰে।

ডাবছ কোৱাৰ্টাৰ ফাইনেলখনত তেওঁৰ সহযোগী হয় স্লভেনিয়াৰ আন্দ্ৰেজা ক্লেপাক।

দুয়োৱে ইউক্ৰেইনৰ নাডিয়া কিচেনক আৰু ল্যুডমিলা কিচেনকক ৬-৪, ৬-৭(৫), ১০-৫ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখযোগ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহতে ছানিয়াই ডহা অপেনত শেষবাৰৰ  বাবে অংশগ্ৰহণ কৰিছিল।

তদুপৰি কভিড-১৯ত আক্ৰান্ত হৈ তেওঁ জানুৱাৰীত আৰোগ্য লাভ কৰি প্ৰথমখন খেলত অংশগ্ৰহণ কৰিছে।

Related News