NORTHEAST NOW (Assamese)

ন্যায়াধীশ আলী, ন্যাঃ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপতি নিযুক্তি

April 23, 2019 9:29 pm · এন ই নাও নিউজ
ন্যায়াধীশ আলী আৰু ন্যাঃ শৰ্মা। ছবি সৌজন্য-- গুৱাহাটী উচ্চ ন্যায়ালয়।

ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা আৰু ন্যায়াধীশ মিৰ আলফাজ আলীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপতিৰূপে নিযুক্তি দিয়া হৈছে।

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কলেজিয়ামৰ অনুমোদনক্ৰমে কেন্দ্ৰই ন্যায়াধীশদ্বয়ক স্থায়ী নিযুক্তিৰ জাননী জাৰি কৰিছে।

ন্যায়াধীশ শৰ্মা আৰু আলী অতিৰিক্ত ন্যায়াধীশৰূপে কৰ্মৰত হৈ আছে।

২০১৭ চনৰ ১৯ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে নিযুক্তি পোৱাৰ পূৰ্বে শৰ্মা একেখন ন্যায়ালয়ৰে ৰেজিস্ত্ৰাৰ জেনেৰেলৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তাৰ পূৰ্বে তেওঁ অসমৰ চি বি আই আৰু এন আই এ’ আদালতৰ বিশেষ ন্যায়াধীশ আছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে পদোন্নতি পোৱাৰ পূৰ্বে ন্যায়াধীশ আলীয়ে একেখন ন্যায়ালয়তে ৰেজিস্ত্ৰাৰ (ন্যায়িক) আৰু ৰেজিস্ত্ৰাৰ (ভিজিলেন্স)ৰূপে সেৱা আগবঢ়াইছিল।

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যাঃ এচ এ ববদে আৰু ন্যাঃ এন ভি ৰামানাক লৈ গঠিত উচ্চতম ন্যায়ালয় কলেজিয়ামে যোৱা ৮ এপ্ৰিলত ন্যায়াধীশদ্বয়ৰ স্থায়ী নিযুক্তিত অনুমোদন জনাইছিল।

Related News