NORTHEAST NOW (Assamese)

সিংঘু সীমান্তত প্ৰতিবাদী কৃষকৰ আৰু স্থানীয় লোকৰ সংঘৰ্ষ; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগ

January 29, 2021 4:35 pm · এন ই নাও নিউজ
Updated: January 29, 2021 8:11 pm

দিল্লী আৰু হাৰিয়ানাৰ সিংঘু সীমান্তত প্ৰতিবাদী কৃষক আৰু স্থানীয় লোকৰ মাজত হোৱা খণ্ড যুদ্ধৰ পাছত আৰক্ষীয়ে মৃদ্যু লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে।

স্থানীয় লোক সকলে শীঘ্ৰে সিংঘু সীমান্ত প্ৰতিবাদী কৃষক সকলে খালী কৰি দিয়াটো বিচাৰি প্ৰতিবাদী কৃষক সকলৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

প্ৰায় দুমাহ ধৰি সিংঘু সীমান্তত প্ৰতিবাদী কৃষক সকলে প্ৰতিবাদ অব্যাহত ৰখাৰ পাছত আজি উক্ত স্থানত শতাধিক স্থানীয় লোক উপস্থিত হৈ কৃষক সকলক সেই স্থান খালী কৰাৰ বাবে নিৰ্দেশ দি কাজিয়াত লিপ্ত হয়।

স্থানীয় লোক সকলে প্ৰতিবাদী কৃষক সকলে প্ৰতিবাদ কৰি থকাৰ ফলত তেওঁলোক ভালেমান সমস্যাৰ সন্মুখিন হৈ আহিছে বুলিও লগতে কয়?।

প্ৰতিবাদী কৃষক আৰু স্থানীয় লোকৰ মাজত হোৱা খণ্ড যুদ্ধৰ পাছতে উক্ত স্থানত দিল্লী আৰক্ষীৰ লগতে বিশেষ নিৰাপত্তা বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে মৃদু লাঠি চালনা কৰে।

Related News