NORTHEAST NOW (Assamese)

ক’ভিড-১৯ৰ বাবে আইপিএল আধাতে এৰি ঘৰলৈ গ’ল অশ্বিনসহিতে কেইবাজনো ক্ৰিকেট তাৰকা

April 26, 2021 6:04 pm · এন ই নাও নিউজ

চলিত বৰ্ষৰ আইপিএল চিজন চলি থকাৰ সময়তে ভাৰতৰ সংকটজনক ক’ভিড পৰিস্থিতিৰ বাবে কেইবাজনো তাৰকা খেলুৱৈয়ে প্ৰতিযোগিতাখনৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে।

দিল্লী কেপিটেলছৰ হৈ আইপিএলত অংশগ্ৰহণ কৰা তাৰকা অফ স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনে পাৰিবাৰিক কাৰণত দলৰ পৰা অব্যাহতি লৈছে।

তেওঁৰ পৰিয়ালৰ লোক কৰোণাত আক্ৰান্ত হোৱাৰ বাবে তাৰকাগৰাকীয়ে দেওবাৰে এই সিদ্ধান্ত লয়।

অৱশ্যে টুইটাৰত তেওঁ লিখে যে সকলো ঠিক থাকিলে সোনকালেই তেওঁক খেলপথাৰত দেখা পোৱা যাব।

অশ্বিনৰ উপৰিও অষ্ট্ৰেলিয়ান তাৰকা আদম ঝাম্পা, কেন ৰিচাৰ্ডছন আৰু এণ্ড্ৰিউ টায়েইও আধাতে আইপিএল এৰি নিজ দেশলৈ ঘূৰি গৈছে।

দেওবাৰে ৰাজস্থান ৰয়েলছৰ তাৰকা এণ্ড্ৰিউ টায়ে চিডনীলৈ উৰা মাৰে।

নিজ দেশৰ সীমান্তসমূহ ক’ভিডৰ বাবে বন্ধ কৰি দিয়াৰ আশংকা কৰিয়েই ৩৪ বৰ্ষীয় ক্ৰিকেটাৰজনে আইপিএল এৰিছে।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই ক’ভিড-১৯ ৰোধৰ বাবে দেশখনৰ সীমাসমূহ বন্ধ কৰাৰ পদক্ষেপ লৈ আহিছে।

আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰে সোমবাৰে জনাইছে যে দলটোৰ লেগ স্পীনাৰ আদম ঝাম্পা (২৯) আৰু ফাষ্ট বলাৰ কেন ৰিচাৰ্ডচনক (৩০) বাকী থকা মেচকেইখনত দেখা পোৱা যাব।

তেওঁলোকে ‘ব্যক্তিগত কাৰণ’ত নিজা দেশলৈ ঘূৰি যোৱা বুলি জনোৱা হৈছে।

টায়ে, ঝাম্পা আৰু ৰিচাৰ্ডচনৰ উপৰিও আইপিএলত কেইবাজনো অষ্ট্ৰেলিয়ান ক্ৰিকেট তাৰকাই নিজৰ ক্ৰীড়া নৈপুণ্যতা প্ৰদৰ্শন কৰি আছে।

তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ষ্টিভ স্মিথ, ডেভিড ৱাৰ্ণাৰ, পেট কাম্মিনছ ইত্যাদি।

Related News