NORTHEAST NOW (Assamese)

আজীৱন কাৰাদণ্ড! শাস্তি লাভ কৰি মহিলা ন্যায়াধীশৰ গালৈ চেণ্ডেল দলিয়ালে আচামীয়ে ; হায়দৰাবাদৰ আদালতত হৈ চৈ

February 14, 2025 1:04 pm · এন ই নাও নিউজ, গুৱাহাটী

আদালতত মহিলা ন্যায়াধীশৰ গালৈ চেণ্ডেল দলিয়ালে এটা অপৰাধীয়ে। হায়দৰাবাদৰ এখন আদালতত সংঘটিত হৈছে এই ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি, হত্যাৰ চেষ্টাৰ অপৰাধত অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছিল ন্যায়াধীশগৰাকীয়ে। শাস্তি হিচাপে অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল ন্যায়াধীশগৰাকীয়ে। তাৰপিছতেই ক্ষোভত মহিলা ন্যায়াধীশগৰাকীলৈ লক্ষ্য কৰি চেণ্ডেল নিক্ষেপ কৰে অপৰাধীয়ে।

ঘটনাৰ লগে লগে হৈ চৈ লাগে আদালতৰ চৌহদত।

আৰক্ষীয়ে জনোৱা মতে, ১১ ফেব্ৰুৱাৰীত অতিৰিক্ত জিলা আদালতে হত্যাৰ চেষ্টাৰ গোচৰত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তাৰ পিছত বৃহস্পতিবাৰে তেওঁক পুনৰ হত্যাৰ শুনানিৰ বাবে আদালতলৈ অনা হয়। ঠিক তেতিয়াই অপৰাধীয়ে ন্যায়াধীশলৈ চেণ্ডেল নিক্ষেপ কৰে।

এই ঘটনাক তীব্ৰ গৰিহণা দিছে ৰঙা ৰেড্ডী জিলা আদালতৰ উকীল সন্থাই। বাৰ এছ’চিয়েশ্যনৰ সভাপতি ৱাই কণ্ডল ৰেড্ডীয়ে কয় যে অভিযুক্তজনৰ ন্যায়াধীশগৰাকীৰ প্ৰতি ব্যক্তিগত ক্ষোভ আছিল, আৰু সেইবাবেই তেওঁ তেনে আচৰণ কৰিছিল। লগতে এই ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে আদালতৰ সকলো কাৰ্য্যবিধি বৰ্জন কৰা হৈছে।ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related News