NORTHEAST NOW (Assamese)

চিমকাৰ্ড বিক্ৰেতাৰ পৰা প্ৰেমিক দম্পতীৰ প্ৰিয় স্থানৰ সৃষ্টিলৈ: সংঘৰ্ষৰ মাজেৰে OYO প্ৰতিষ্ঠাপকৰ যাত্ৰা

June 18, 2023 8:38 pm · এন ই নাও নিউজ, গুৱাহাটি

সাম্প্ৰতিক সময়ত প্ৰেমিক-প্ৰেমিকাৰ সময় কটোৱাৰ অন্যতম প্ৰিয় স্থান OYO ৰুম। এই OYO ৰুমে প্ৰেমিক দম্পতীৰ সম্পৰ্কলৈ এক নতুন সুখানুভূতি কঢ়িয়াই আনিলে। পিছে প্ৰেমিক-প্ৰেমিকাৰ বাবে এই সুখময় স্থানটিৰ প্ৰতিষ্ঠাৰ আঁৰত আছে এক প্ৰবল সংঘৰ্ষৰ কাহিনী।

এই OYO Roomৰ প্ৰতিষ্ঠাপক হৈছে ৰিতেশ আগৰৱাল। এসময়ত কঠোৰ পৰিশ্ৰমৰ মাজেৰে জীৱন অতিবাহিত কৰা ২৯ বছৰীয়া ৰিতেশে এই অধ্যৱসায়ৰ বলতেই এতিয়া প্ৰায় আঠ হাজাৰ কোটি টকাৰ সম্পত্তিৰ মালিক।

১৯৯৩ চনৰ ১০ নৱেম্বৰত উৰিষ্যাৰ বিছাম কটকত জন্মগ্ৰহণ কৰিছিল ৰিতেশে। তেওঁ তিতলাগড়ত ডাঙৰ-দীঘল হৈছিল। মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ৰিতেশৰ জীৱনত কোনো বিলাসীতা নাছিল।

ৰিতেশৰ পৰিয়ালৰ ৰায়গড়ত এখন সৰু দোকান আছিল। সেই দোকানৰ পৰা যি উপাৰ্জন হৈছিল সেইখিনিয়েই তেওঁলোকৰ পৰিয়ালটোক পোহপাল দিছিল। ১৩ বছৰ বয়সত ৰিতেশে অতিৰিক্ত ধন উপাৰ্জনৰ বাবে ফোনৰ চিম কাৰ্ড বিক্ৰী কৰিছিল।

ৰিতেশে উৰিষ্যাতে স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ইয়াৰ পিছত তেওঁ ৰাজস্থানৰ কোটালৈ যায়। ইঞ্জিনিয়াৰিং পঢ়িম বুলি কোটাত পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিলে। ২০১১ চনত ৰাজস্থানৰ পৰা পোনে পোনে ৰাজধানীলৈ গুচি যায় ৰিতেশ।

ৰিতেশ কলেজত নামভৰ্তি কৰিবলৈ নতুন দিল্লীলৈ আহিছিল। কিন্তু কলেজত বেছি দিন পঢ়িব পৰা নাছিল। কলেজৰ পৰা মাজভাগত এৰি তেওঁ এটা ‘ফেল’শ্বিপ প্ৰগ্ৰেম’ত যোগদান কৰিলে।

এই ফেল’শ্বিপ কাৰ্যসূচীৰ আয়োজন কৰিছিল জাৰ্মান-আমেৰিকান উদ্যোগী পিটাৰ থিলে। এই কাৰ্যসূচীত ২২ বছৰ আৰু তাতকৈ কম বয়সীয়া যুৱ প্ৰাপ্তবয়স্কসকলে নিজৰ ব্যৱসায়িক পৰিকল্পনাত কাম কৰিব পাৰে।

কলেজ এৰি ৰিতেশে ‘অৰেভেল ষ্টেজ’ নামৰ নিজা কোম্পানী এটাত কাম কৰিবলৈ আৰম্ভ কৰিলে। এই সংস্থাটোৰ জৰিয়তে দেশৰ ক’ত, কোনবোৰ হোটেল কম খৰচত পোৱা যায়, সেইটো বিচাৰি উলিওৱা সম্ভৱ হয়।

২০১২ চনত ৰিতেশে ফেল’শ্বিপ প্ৰগ্ৰেম লাভ কৰিছিল। তেওঁ লাভ কৰিছিল এক লাখ ডলাৰ (ভাৰতীয় মুদ্ৰাত ৮২ লাখ টকা)। ৰিতেশে গোটেই টকা খৰচ কৰি অয়’ ৰুমছ কোম্পানী গঢ়ি তুলিছিল।

ৰিতেশে গুগলৰ পৰাও বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ লৈ নিজাকৈ কোম্পানী গঢ়ি তুলিছে। ২০১৩ চনৰ মে’ মাহত তেওঁ অয়’ ৰুমছ স্থাপন কৰে।

ৰিতেশে দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন হোটেললৈ গৈও তেওঁৰ কোম্পানীয়ে বজাৰত কাম কৰিব নে নকৰে পৰীক্ষা কৰি চাইছিল। হোটেলত থকাৰ অভিজ্ঞতা কেনেকুৱা, কিবা দোষ আছে নেকি– ৰিতেশে সকলোতে চকু ৰাখিছিল।

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত দেশৰ আটাইতকৈ কম বয়সীয়া স্ব-নিৰ্মিত কোটিপতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল ৰিতেশে। ইনষ্টাগ্ৰামতো তেওঁৰ বৃহৎ সংখ্যক অনুৰাগী আছে। বৰ্তমানলৈকে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা প্ৰায় ৩ লাখ হৈছেগৈ।

মঙলবাৰৰ পৰা আৰম্ভ কৰিলে অ’য়’ৰ স্বত্বাধিকাৰী ৰিতেশ আগৰৱালে জীৱনৰ এক নতুন অধ্যায়। নতুন দিল্লীৰ এখন বিলাসী হোটেলত তেওঁৰ বিয়া হয়। গীতাংশা সুদৰ লগত জীৱনৰ এই নতুন কেৰিয়াৰৰ আৰম্ভ কৰিছে ৰিতেশে।

Related News