• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“হত্যা কৰিম বুলি ভবা নাছিলোঁ”, আইআৰএছ বিষয়াৰ কন্যাক হত্যা কৰি অনুতাপহীন হত্যাকাৰীৰ স্বীকাৰোক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:56 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ কৈলাশ হিলছত সংঘটিত হৈছে এক জঘন্য ঘটনা। জানিব পৰা মতে, ৰাহুল মীনা নামৰ এগৰাকী ১৯ বছৰীয়া যুৱকে এগৰাকী আই আৰ এছ বিষয়াৰ কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা পোহৰলৈ আহিছে। ইতিমধ্যে অভিযুক্ত ৰাহুক মীৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

জেৰাৰ সময়ত অভিযুক্তই অতি আচৰিত ধৰণে মন্তব্য কৰিছে যে তেওঁ কাকো মাৰিব বিচৰা নাছিল কিন্তু টকা নিদিয়াৰ বাবেই এনে ঘটনা ঘটি গ’ল। ৰাহুলৰ মতে যদি ভুক্তভোগী যুৱতীগৰাকীয়ে তেওঁক টকা দিলেহেঁতেন তেন্তে আজি এই পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন। অভিযুক্তই পূৰ্বে সেই ঘৰখনতে ঘৰুৱা সহায়ক হিচাপে কাম কৰিছিল যদিও টকা ধাৰ কৰাৰ বেয়া অভ্যাসৰ বাবে তেওঁক কামৰ পৰা উলিয়াই দিয়া হৈছিল।

Apply Now

আৰক্ষীৰ আগত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰিছে যদিও তেওঁৰ মনত কোনো ধৰণৰ দুখ বা অনুশোচনা দেখা পোৱা হোৱা নাই।

এই সমগ্ৰ ঘটনাটো এটা শৃংখলাবদ্ধ অপৰাধৰ দৰে আছিল যিটো ৰাজস্থানৰ আলৱাৰৰ পৰা আৰম্ভ হৈ দিল্লীত শেষ হৈছিল। দিল্লীত এই কাণ্ড সংঘটিত কৰাৰ মাত্ৰ কেইঘণ্টামান আগতে ৰাহুল মীনাই আলৱাৰত তেওঁৰ এজন বন্ধুৰ পত্নীক যৌন নিৰ্যাতন চলাইছিল আৰু এটা মবাইল ফোন চুৰি কৰিছিল। নিজৰ পৰিচয় লুকুৱাবলৈ তেওঁ নিজৰ আৰু পৰিয়ালৰ কেইবাটাও ফোন বিক্ৰী কৰি ৬০০০ টকাত এখন টেক্সি ভাড়া কৰি দিল্লীলৈ আহিছিল। এই টকাৰ কিছু অংশ তেওঁ অনলাইন জুৱা খেলতো খৰচ কৰিছিল। দিল্লীত উপস্থিত হৈ তেওঁ চালকজনক পইচা নিদিয়াকৈয়ে পলাই গৈছিল আৰু পোনপটীয়াকৈ পুৰণি মালিকৰ ঘৰত উপস্থিত হৈছিল। যিহেতু তেওঁ সেই ঘৰটোৰ সকলো কথা জানিছিল সেয়েহে তেওঁ এটা অতিৰিক্ত চাবি ব্যৱহাৰ কৰি ঘৰৰ ভিতৰত সোমাইছিল।

হত্যাকাণ্ডৰ বলি হোৱা ২২ বছৰীয়া যুৱতীগৰাকী এগৰাকী আইআইটি স্নাতক আছিল আৰু ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। ৰাহুলে যেতিয়া ঘৰত সোমাই টকা বিচাৰিছিল তেতিয়া যুৱতীগৰাকীয়ে বাধা দিছিল আৰু চিঞৰ-বাখৰ কৰিছিল। ইয়াতে খঙত টিঙিৰিটুলা হৈ ৰাহুলে এটা লেম্পেৰে যুৱতীগৰাকীক আঘাত কৰে আৰু মোবাইল চাৰ্জাৰে ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত ৰাহুলে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ লগতে আলমাৰি খুলিবলৈ যুৱতীগৰাকীৰ তেজ লাগি থকা আঙুলিৰে বায়’মেট্ৰিক স্কেনাৰটো স্পৰ্শ কৰে। যিহেতু যুৱতীগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছিল সেয়েহে স্কেনাৰটোৱে কাম কৰা নাছিল আৰু শেষত স্ক্ৰু-ড্ৰাইভাৰেৰে লকাৰ ভাঙি তেওঁ ধন-সোণ লৈ পলাই গৈছিল।

আদালতত হাজিৰ কৰাৰ সময়ত ৰাহুলে নিজকে নির্দোষী সজাবলৈ চেষ্টা কৰি কয় যে তেওঁৰ দ্বাৰা ভুল হৈ গ’ল আৰু তেওঁ কেৱল টকাহে বিচাৰিছিল। আনকি তেওঁ সেই পৰিয়ালটোক ভগৱানৰ দৰে জ্ঞান কৰিছিল বুলিও মন্তব্য কৰে কিন্তু তেওঁৰ বাবে টকাটো অধিক প্ৰয়োজনীয় আছিল। দিল্লী আৰক্ষীয়ে অভিযুক্তৰ আচৰণ আৰু ভাবলেশহীন মুখমণ্ডল দেখি তেওঁৰ মানসিক স্থিতি পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যুৱতীগৰাকীৰ ডিঙি চেপি হত্যা কৰাৰ কথা স্পষ্ট হৈছে আৰু শৰীৰৰ বিভিন্ন অংশত গুৰুতৰ আঘাতৰ চিন পোৱা গৈছে। বৰ্তমান আৰক্ষীয়ে ৰাহুল মীনাক জিম্মাত লৈ এই জঘন্য অপৰাধৰ অধিক তথ্য সংগ্ৰহ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

August 11, 2026 1:31 pm
বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

August 11, 2026 1:22 pm
অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

August 11, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

August 11, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd