NORTHEAST NOW (Assamese)

চাইপ্ৰাছৰ উচ্চায়ুক্ত হিচাপে নিযুক্ত অসমীয়া আমোলা মধুমিতা হাজৰিকা ভগত

August 3, 2019 6:00 pm · এন ই নাও নিউজ

এগৰাকী অসমীয়া আমোলা তথা ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ)ৰ সুদক্ষ বিষয়া মধুমিতা হাজৰিকা ভগতক চাইপ্ৰাছৰ উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক জাননীত এই কথা সদৰী কৰা হৈছে।

মধুমিতা হাজৰিকা ভগত ১৯৯৯ বৰ্ষৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া।

বৰ্তমান তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব পদত কৰ্মৰত হৈ আছে।

এই পদত হাজৰিকাই ২০১৭ ত নিযুক্তি লাভ কৰিছিল।

বৈদেশিক সেৱাৰ বিষয়া হিচাপে মধুমিতা হাজৰিকা ভগতে ইতিমধ্যে বিশেষ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

তেওঁ চাংঘাই ক’পাৰেশ্যন অৰ্গেনাইজেশ্যন (এছ চি অ’)ৰ ভাৰতীয় সমন্বয়কৰ দায়িত্বও চম্ভালিছিল।

Related News