Madhuri Dixit বহুদিন ধৰি বলীউদত সক্ৰিয় হৈ থকা নাই মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত। তথাপি বিভিন্ন বিষয়ত চৰ্চাৰ মাজলৈ আহে মাধুৰী। নৃত্যৰ ৰিয়েলিটি শ্ব’কে ধৰি আন কিছুমান কাৰ্যসূচীত অৱশ্যেই দেখা যায় অভিনেত্ৰীগৰাকীক।
তাৰ মাজতে এইবাৰ ঘৰ ভাড়াক লৈ চৰ্চাৰ মাজলৈ আহিছে মাধুৰী দীক্ষিত। বাতৰি অনুসৰি, মুম্বাইত নতুন ঘৰ ভাড়ালৈ লৈছে অভিনেত্ৰীগৰাকীয়ে।
অত্যন্ত বিলাসী এই ভাড়াঘৰৰ বাবে মাধুৰীয়ে দিবলগীয়া হৈছে এক বৃহৎ পৰিমানৰ ধন।
বাতৰি মতে, মুম্বাইৰ ইণ্ডিয়াবুলছ ব্লু টাৱাৰ ছি-ৰ ৩০ মহলাত ফ্লেট ভাড়াত লৈছে মাধুৰীয়ে। তিনি বছৰৰ বাবে ভাড়াত লৈছে ঘৰটো।
যোৱা ২৬ অক্টোবৰত ৩কোটি টকা দি ভাড়াঘৰৰ চুক্তিত স্বাক্ষৰ কৰে অভিনেত্ৰীগৰাকীয়ে। মাধুৰী দীক্ষিতে ইয়াত পাঁচখন গাড়ী পাৰ্কিঙৰ সুবিধাও লাভ কৰিব।
চুক্তি অনুসৰি, প্ৰথম বছৰত প্ৰতিমাহে ১২ লাখ ৫০হাজাৰ টকাকৈ ভাড়া আদায় দিব লাগিব। দ্বিতীয় বছৰ প্ৰতিমাহে দিব লাগিব ১৩লাখ ১২ হাজাৰ টকা ভাড়া। সেইদৰে তৃতীয় বছৰত প্ৰতিমাহে ভাড়াৰ বাবদ দিব লাগিব ১৩লাখ ৭৮ হাজাৰ টকা।
বৰ্তমান মাধুৰী দীক্ষিতে তেওঁৰ স্বামী আৰু সন্তানক লৈয়েই ব্যস্ত আছে। মাধুৰীৰ অভিনীত শেষ মুক্তিপ্ৰাপ্ত ছবিথন আছিল ‘কলংক’। ২০১৯ৰ ১৭ এপ্ৰিলত ছবিখন মুক্তি পাইছিল।






