ধনৰ লোভত মানুহে কেনে নিৰ্দয় আৰু নৃশংস পথ গ্ৰহণ কৰিব পাৰে, তাৰ এক কলংকিত উদাহৰণৰ ঘটনা পোহৰলৈ আহিছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ বৰৱানী জিলাত নিজ পিতৃৰ বীমাৰ ধন আত্মসাতৰ বাবে পিতৃক হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এগৰাকী যুৱকে।
পিতৃৰ নামত থকা আকস্মিক দুৰ্ঘটনাজনিত বীমাৰ ধন লাভৰ আকাংক্ষাত এক ঘৃণনীয় পৰিকল্পনা ৰচনা কৰি গাড়ীৰে খুন্দিয়াই পিতৃ হত্যাত লিপ্ত হৈছে এগৰাকী যুৱক। এই পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ আনকি এগৰাকী ঠিকাভিত্তিক হত্যাকাৰীও নিয়োগ কৰিছিল যুৱকগৰাকীয়ে।
জিলাখনৰ আৰক্ষী অধীক্ষক দীপক কুমাৰ শুক্লাই জানিবলৈ দিয়া মতে, যোৱা ১০ নৱেম্বৰত অভিযুক্ত যুৱকগৰাকীয়ে তেওঁৰ ৫২ বছৰীয়া পিতৃৰ অচিনাক্ত বাহনে খুন্দা মৰাৰ ফলত মৃত্যু হোৱা বুলি দাবী কৰি সেন্দহৱা থানাৰ কাষ চাপিছিল।
কিন্তু দুৰ্ঘটনাস্থলী পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হয়। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষণৰ পিছত ব্যক্তিগৰাকীক খুন্দা মৰা বাহনখনে অঞ্চলটোত বহুসময় ধৰি ঘূৰি থকা দেখিবলৈ পোৱা যায়।
স্থানীয় সেন্দহৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, নিত্য নৈমিত্তিক ধৰণেই ঘটনাৰ দিনা পুৱা ফুৰিবলৈ গৈছিল ব্যক্তিগৰাকী।
পিতৃ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে অভিযুক্ত পুত্ৰই ঠিকাভিত্তিক হত্যাকাৰী গৰাকীক ফোন যোগে এই খবৰ দিয়ে আৰু পৰিকল্পনা অনুসৰিয়েই তেওঁক গাড়ীৰে খুন্দিয়াই হত্যা কৰা হয়।
ঘটনাৰ তদন্তৰ অন্তত পুনেৰ পৰা সন্দেহযুক্ত হত্যাকাৰী কৰণ শ্বিণ্ডেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত শ্বিণ্ডেই নিহত ব্যক্তিগৰাকীৰ পুত্ৰই এই হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে ২.৫ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি তেওঁ স্বীকাৰ কৰে।
হত্যাকাৰী গৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত পুত্ৰক আটক কৰি জেৰাৰ চলায় আৰু জেৰাৰ সময়তে পিতৃৰ ১০ লাখ টকাৰ বীমাৰ ধনৰ বাবেই হত্যাকাৰী নিযুক্তি দি এই হত্যা কৰা হয় বুলি স্বীকাৰ কৰে।
ইতিমধ্যে দুয়োগৰাকী লোককে ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰিছে।