• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পিতৃৰ বীমাৰ ধনৰ প্ৰতি খঁক! ঠিকাভিত্তিক হত্যাকাৰী নিয়োগ কৰি পিতৃক হত্যা পুত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2022 8:02 pm
Man Hires Killer To Murder Father
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধনৰ লোভত মানুহে কেনে নিৰ্দয় আৰু নৃশংস পথ গ্ৰহণ কৰিব পাৰে, তাৰ এক কলংকিত উদাহৰণৰ ঘটনা পোহৰলৈ আহিছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ বৰৱানী জিলাত নিজ পিতৃৰ বীমাৰ ধন আত্মসাতৰ বাবে পিতৃক হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এগৰাকী যুৱকে।

পিতৃৰ নামত থকা আকস্মিক দুৰ্ঘটনাজনিত বীমাৰ ধন লাভৰ আকাংক্ষাত এক ঘৃণনীয় পৰিকল্পনা ৰচনা কৰি গাড়ীৰে খুন্দিয়াই পিতৃ হত্যাত লিপ্ত হৈছে এগৰাকী যুৱক। এই পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ আনকি এগৰাকী ঠিকাভিত্তিক হত্যাকাৰীও নিয়োগ কৰিছিল যুৱকগৰাকীয়ে।

Apply Now

জিলাখনৰ আৰক্ষী অধীক্ষক দীপক কুমাৰ শুক্লাই জানিবলৈ দিয়া মতে, যোৱা ১০ নৱেম্বৰত অভিযুক্ত যুৱকগৰাকীয়ে তেওঁৰ ৫২ বছৰীয়া পিতৃৰ অচিনাক্ত বাহনে খুন্দা মৰাৰ ফলত মৃত্যু হোৱা বুলি দাবী কৰি সেন্দহৱা থানাৰ কাষ চাপিছিল।

কিন্তু দুৰ্ঘটনাস্থলী পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হয়। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষণৰ পিছত ব্যক্তিগৰাকীক খুন্দা মৰা বাহনখনে অঞ্চলটোত বহুসময় ধৰি ঘূৰি থকা দেখিবলৈ পোৱা যায়।

স্থানীয় সেন্দহৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, নিত্য নৈমিত্তিক ধৰণেই ঘটনাৰ দিনা পুৱা ফুৰিবলৈ গৈছিল ব্যক্তিগৰাকী।

পিতৃ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে অভিযুক্ত পুত্ৰই ঠিকাভিত্তিক হত্যাকাৰী গৰাকীক ফোন যোগে এই খবৰ দিয়ে আৰু পৰিকল্পনা অনুসৰিয়েই তেওঁক গাড়ীৰে খুন্দিয়াই হত্যা কৰা হয়।

ঘটনাৰ তদন্তৰ অন্তত পুনেৰ পৰা সন্দেহযুক্ত হত্যাকাৰী কৰণ শ্বিণ্ডেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত শ্বিণ্ডেই নিহত ব্যক্তিগৰাকীৰ পুত্ৰই এই হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে ২.৫ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি তেওঁ স্বীকাৰ কৰে।

হত্যাকাৰী গৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত পুত্ৰক আটক কৰি জেৰাৰ চলায় আৰু জেৰাৰ সময়তে পিতৃৰ ১০ লাখ টকাৰ বীমাৰ ধনৰ বাবেই হত্যাকাৰী নিযুক্তি দি এই হত্যা কৰা হয় বুলি স্বীকাৰ কৰে।

ইতিমধ্যে দুয়োগৰাকী লোককে ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd