NORTHEAST NOW (Assamese)

মাতৃভক্তিঃ নিজ শৰীৰৰ ছালেৰে জোতা বনাই মাতৃক উপহাৰ পুত্ৰৰ

March 22, 2024 7:49 pm · এন ই নাও নিউজ, গুৱাহাটী

এক আশ্চৰ্যকৰ উপহাৰেৰে মাতৃভক্তিৰ চমকিত নিদৰ্শন দাঙি ধৰিছে এজন ব্যক্তিয়ে। ৰামায়ণৰ শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই ব্যক্তিজনে মাতৃক দিয়া উপহাৰৰ খবৰে আশ্চৰ্যচকিত কৰি তুলিছে সকলোকে।

চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এই ব্যক্তিজনৰ নাম ৰৌনাক গুৰজাৰ। মধ্যপ্ৰদেশৰ এই ব্যক্তিজনে মহাকাব্য ৰামায়ণৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজৰ উৰুৰ ছালৰ এটা অংশ ব্যৱহাৰ কৰি জোতা তৈয়াৰ কৰি মা্তৃক উপহাৰ দিয়ে।

লক্ষণীয়ভাৱে এসময়ত আৰক্ষীয়ে ভৰিত গুলীচালনা কৰিছিল ৰৌনাক গুৰজাৰক। কিন্তু এতিয়া সেই অতীতৰ কাহিনীৰ পৰিৱৰ্তে শেহতীয়া কাৰ্যৰ বাবেহে ৰৌনাকচৰ্চিত হৈ পৰিছে।   

ৰৌনাকে প্ৰকাশ কৰা মতে তেওঁ নিয়মিতভাৱে ৰামায়ণ পাঠ কৰে আৰু ভগৱান ৰামৰ চৰিত্ৰৰ দ্বাৰা তেওঁ গভীৰভাৱে প্ৰভাৱিত। তেওঁ নিজ কাৰ্য সন্দৰ্ভত ৰামায়ণৰে এক উদ্ধৃতি দাঙি ধৰে।

“ভগৱান ৰামে নিজেই কৈছিল যে নিজৰ ছালৰ পৰা চেণ্ডেল বনোৱাটোও মাতৃৰ বাবে যথেষ্ট নহয়। গতিকে, এই ধাৰণাটো মোৰ মনলৈ আহিল, আৰু মই সিদ্ধান্ত লৈছিলো যে মোৰ ছালৰ পৰা জোতা বনাই মাক উপহাৰ দিম।”-ৰৌনাকে কয়।

তেওঁ চিকিৎসালয় এখনত অস্ত্ৰোপচাৰ কৰি ছালখন আঁতৰাই পেলায় আৰু তাৰ পিছত জোতা বনোৱাৰ উদ্দেশ্যে লৈ যায়। নিজৰ এই সিদ্ধান্তৰ বিষয়ে ৰৌনাকে পৰিয়ালক অৱগত কৰা নাছিল।

ইয়াৰ পিছতে ১৪ৰ পৰা ২১ মাৰ্চৰ ভিতৰত নিজৰ ঘৰৰ সমীপত আয়োজিত এক ভাগৱত অনুষ্ঠানৰ সময়ত মাতৃক জোতাযোৰ উপহাৰ দিয়ে ৰৌনাকে।

ৰৌনাকৰ এনে অভূতপূৰ্ব ত্যাগৰ দৃশ্যই সেই স্থানত উপস্থিত সকলোকে জোকাৰি যায়। সকলো হৈ পৰে ভাবুক। এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Related News