• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবে ছাত্ৰক ৰডেৰে প্ৰহাৰ টিউচন শিক্ষকৰ: অভিযুক্ত শিক্ষকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2022 10:06 pm
Teacher Beats student With Iron Rod
139
VIEWS
Share on FacebookShare on Twitter

শিক্ষাৰ নামত ছাত্ৰ-ছাত্ৰীক শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনা বহু সময়ত প্ৰকাশ পায়। পিছে শিক্ষাৰ্থীক বাধ্য কৰোৱাৰ নামত এনে অগ্ৰহণীয় নিৰ্যাতনৰ বাবে বহুসময়ত শিক্ষকসকলো শাস্তিৰ সন্মুখীন হয়। এনে এক ঘটনাই সংঘটিত হৈছে মধ্য প্ৰদেশত।

ৰাজ্যখনৰ গোৱালিয়ৰত এগৰাকী টিউচন শিক্ষকে ছাত্ৰক কৰিবলৈ দিয়া হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবেই এটি আঠ বছৰীয়া ছাত্ৰক লোহাৰ ৰডেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে।

এই চাঞ্চল্যকৰ ঘটনা ১ ছেপ্টেম্বৰতে থাইপুৰ অঞ্চলত সংঘটিত হৈছিল যদিও শেহতীয়াকৈ সংবাদ মাধ্যম যোগে পোহৰলৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি শিক্ষকগৰাকীয়ে আগদিনা কৰিবলৈ দি পঠোৱা হোমৱৰ্ক ঘটনাৰ দিনা পৰীক্ষা কৰাৰ সময়তে পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীয়ে হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ কথা জানিব পাৰে।

তাৰ পাছতেই শিক্ষক গৰাকীয়ে এডাল লোহাৰ ৰড উলিয়াই ছাত্ৰগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই প্ৰহাৰত ছাত্ৰ গৰাকীয়ে ভৰি আৰু পিঠিত গুৰুতৰভাৱে আঘাত পায়।

পিছত ভুক্তভোগী শিশুটিয়ে ঘটনাৰ কথা তেওঁৰ পিতৃ-মাতৃক অৱগত কৰাৰ লগে লগে তেওঁলোকে অভিযুক্ত শিক্ষক গৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

এই অভিযোগৰ পাছতে অভিযুক্ত শিক্ষক গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে শিশু আইন আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰে।

জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত শিক্ষকগৰাকীক যোগেশ শ্ৰীবাস্তৱ বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে আৰু তদন্তৰ পিছত অভিযুক্ত শ্ৰীবাস্তৱৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd