• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“ঘৰত নাই ধন, বৰ সবাহলৈ মন!” মোদীৰ ডেৰ ঘণ্টাৰ ভ্ৰমণত খৰচ হ’ব ২৩ কোটিৰো অধিক টকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2021 3:03 pm
Madhya Pradesh To Spend ₹ 23 Crore For 4 Hours Of PM's Visit
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক বিত্তীয় অৱস্থা তথা মূল্যবৃদ্ধিয়ে দেশক জুৰুলা কৰিলেও শাসকীয় দলৰ ৰাজনেতাক স্পৰ্শ নকৰে এই পৰিস্থিতিয়ে। ক্ষমতা আহৰণৰ আকাঙ্খাত ৰাজহুৱা পুঁজিৰ অবাধ ব্যয়ৰ বাবে সাজু ৰাজনেতাসকল।

মধ্য প্ৰদেশত ১৫ নৱেম্বৰত বিৰচা মুণ্ডাৰ স্মৃতিত ‘জনজাতীয় গৌৰৱ দিৱস’ উদযাপন কৰা হ’ব। এই উপলক্ষে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভূপালৰ জাম্বুৰি ময়দানত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। চৰকাৰী সূত্ৰঅনুসৰি, অনুষ্ঠানটোত মাত্ৰ ডেৰ ঘণ্টাৰ ভিতৰতে ২৩ কোটি টকাতকৈও অধিক টকা ব্যয় হ’ব।

মধ্য প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা দুই লাখ জনজাতীয় লোকক জাম্বুৰি ময়দানত অনুষ্ঠানটোলৈ অনা হ’ব। সমগ্ৰ ময়দানখন জনজাতীয় ব্যক্তিত্বৰ ছবিৰে সজোৱা হ’ব। মধ্য প্ৰদেশৰ দৰে কেন্দ্ৰইও ১৫ ৰ পৰা ২২ নৱেম্বৰৰ ভিতৰত জনজাতীয় যোদ্ধাসকলক সন্মান জনোৱাৰ বাবে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

Apply Now

প্ৰধানমন্ত্ৰী মোদী চাৰি ঘণ্টাৰ বাবে ভূপালত থাকিব।’জনজাতীয় গৌৰৱ দিৱস’ অনুষ্ঠানটোত ডেৰ ঘণ্টাৰ বাবে মঞ্চত থাকিব মোদী। মোদীয়ে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বত নিৰ্মাণ কৰা দেশৰ প্ৰথমখন ষ্টেচন হাবিবগঞ্জ ৰে’ল ষ্টেচনও উদ্বোধন কৰিব।

তেওঁৰ আগমনৰ বাবে জাকজমকতাৰে সজোৱা হৈছে অনুষ্ঠান অনুষ্ঠিত হ’বলগীয়া মঞ্চগৃহ। ৩০০ তকৈও অধিক শ্ৰমিকে এসপ্তাহ ধৰি মঞ্চগৃহ নিৰ্মাণৰ কাম কৰি আছে।

চৰকাৰী সূত্ৰঅনুসৰি, মধ্য প্ৰদেশ চৰকাৰে অনুষ্ঠানটোৰ বাবে ২৩ কোটি টকাতকৈও অধিক ব্যয় কৰিছে। ইয়াৰ ভিতৰত ১২ কোটি টকা কেৱল মানুহক অনুষ্ঠানটোলৈ অনাৰ বাবে ব্যয় কৰা হ’ব। অনুষ্ঠানলৈ অহা লোকসকলৰ ভ্ৰমণ, খাদ্য আৰু বাসস্থানৰ নামত এই ধনৰাশি ব্যয় হ’ব। অনুষ্ঠানটোৰ তম্বু, ইয়াৰ প্ৰচাৰৰ নামত ব্যয় হৈছে ৯ কোটি টকা।

মধ্য প্ৰদেশত জনজাতীয় লোকৰ আধিপত্য থকা ৪৭ খন বিধানসভা আসন আছে। ২০০৯ চনত এই ৪৭ খন আসনৰ ভিতৰত বিজেপিয়ে ২৯ খন আসন লাভ কৰিছিল। ২০১৩ চনত ই ৩১ লৈ বৃদ্ধি পাইছিল। কিন্তু ২০১৮ চনত বিজেপিৰ আসন ১৬ লৈ হ্ৰাস হৈছিল।

এই বাবেই জনজাতীয় ভোটাৰক আকৃষ্ট কৰিবৰ বাবে এনে বৃহৎ পুঁজি ব্যয়েৰে জাক-জমকতাৰে এই অনুষ্ঠান আয়োজন কৰিছে শাসকীয় বিজেপি দলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

June 29, 2026 8:02 pm
ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm
দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

June 29, 2026 7:26 pm
মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

June 29, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

June 29, 2026 8:02 pm
ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd