• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৮৬ বছৰীয়া শিৱসাগৰৰ ঐতিহাসিক দেৱী দ’লত আজি মহা অষ্টমী

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , October 6, 2019 4:18 pm

2 min read

২৮৬ বছৰীয়া শিৱসাগৰৰ ঐতিহাসিক দেৱী দ’লত আজি মহা অষ্টমী
1.2k
VIEWS
Share on FacebookShare on Twitter

আজি মহা অষ্টমী। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো পালন কৰা হৈছে অষ্টমী পূজা। শিৱসাগৰৰ বিভিন্ন পূজা মণ্ডপৰ লগতে ঐতিহাসিক দেৱী দ’লতো পতা হৈছে মহা অষ্টমীৰ পূজা।

দেৱীৰ সেৱা ল’বলৈ পুৱাৰে পৰা দেৱী দ’লত ভক্তৰ লানি নিচিগা ভিৰ দেখা গৈছে। মনোকামনা পূৰণৰ বাবে দেৱীক সন্তুষ্ট কৰিবলৈ দূৰ-দূৰণিৰ ভক্তপ্ৰাণ ৰাইজে হাতে হাতে হাঁহ-ছাগলী লৈ দেৱীক পূজা আগবঢ়াবলৈ পুৱাৰে পৰা ভিৰ কৰেহি দেৱীদ’লত।

উল্লেখযোগ্য যে বুৰঞ্জীৰ তথ্য অনুসৰি ১৭৩১-৩৩ খৃষ্টাব্দৰ ভিতৰত ( ১৬৫৫ শক) আহোম স্বৰ্গদেও শিৱসিংহৰ পত্নী বৰৰাণী অম্বিকা কুঁৱৰীয়ে এটা বৃহৎ পুখুৰী খন্দাইছিল। এই পুখুৰীৰ পাৰতে ৰজাই পূজা কৰিবলৈ তিনিটা দৌল ক্ৰমে শিৱ দৌল, দেৱী দৌল আৰু বিষ্ণু দৌলৰ নিৰ্মাণ কৰিছিল।

সেই সময়ৰ পৰাই দেৱী দ’লত দুৰ্গা পূজাৰ অয়োজন কৰি অহা হৈছে। দেৱী দ’লত দুৰ্গাদেৱীৰ স্থায়ী মূৰ্তি আছে যদিও দুৰ্গাপূজাৰ সময়ত মাটিৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি প্ৰতিমা স্থাপন কৰি পূজা কৰা হয়।

দুৰ্গা পূজাৰ সময়ত দেৱী দ’লত আহোম যুগৰে পৰা বলি বিধানৰ পৰম্পৰা চলি আহিছে। অষ্টমীৰ দিনা ভক্তই নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে মাৰ চৰণত কোমোৰা, পাৰ, হাঁহ ছাগলীৰ বলি দি আহিছে। এইবাৰ অষ্টমীত ৪০০ ৰ পৰা ৫০০ হাঁহ, পাৰ, ছাগলী, কোমোৰা বলি দিয়া হ’ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।

আনহাতে এই ঐতিহাসিক দেৱী দ’ল নিৰ্মাণৰ সময়ৰ পৰাই আহোম, ৰাজ শাসনৰ অন্তৰ্ভুক্ত হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বীৰ মাজত সমন্বয়ৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখি আহোম ৰজাই দেৱী দ’ল চোৱাচিতা আৰু নেগেৰা বাদ্য সংগত কৰাৰ দায়িত্ব এটা মুছলমান পৰিয়ালক অৰ্পন কৰিছিল।

দৌল চোৱাচিতা আৰু দ’লত নেগেৰা পৰিবেশন কৰা ইছলামধৰ্মী পৰিয়ালটোক দৌল্লা পৰিয়াল বুলি জনা যায়। দুৰ্গা পূজাত এই পৰিয়ালটোক সন্মান প্ৰদৰ্শন কৰি আহোম ৰজাই পূজাৰ নৈৱেদ্য প্ৰদান কৰিছিল।

তাৰোপৰি স্বৰ্গদেউ শিৱসিংহৰ দিনৰে পৰা বেতবাৰী মৌজাৰ কেন্দুগুৰিৰ বৰপাত্ৰগোহাঁই পৰিয়াললৈ দুৰ্গা পূজাৰ প্ৰসাদ প্ৰদানৰ পৰম্পৰা আছিল যদিও ১৯৪১ চনৰ পৰা এই পৰম্পৰা বন্ধ হৈ পৰিছিল।

এইবাৰ শিৱসাগৰ দ’ল উন্নয়ন সমিতি আৰু দুৰ্গা পূজা উদযাপন সমিতিয়ে অষ্টমীৰ দিনটোত দৌল্লা পৰিয়াললৈ পূজাৰ নৈৱেদ্য, এটা জীৱন্ত ছাগলী প্ৰদান কৰাৰ লগতে বৰপাত্ৰগোহাঁই পৰিয়াললৈ পূজাৰ প্ৰসাদ অৰ্পন কৰি ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।

Recent News

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

index.jpgnm

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd