সলনি হৈছে মহাৰাষ্ট্ৰৰ দৃশ্যপট; শাৰদ পাৱাৰৰ সৈতে যোগাযোগত এনচিপিৰ ১০-১৫জন বিধায়ক

শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচন ২০২৪ত মহাৰাষ্ট্ৰত শাসকীয় মিত্ৰজোঁট NDAৰ দুৰ্বল প্ৰদৰ্শনৰ দুখ শেষ নহওঁতেই সৃষ্টি হৈছে নতুন চিন্তাৰ।প্ৰাপ্ত খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে অতি সোনকালে ৰাজ্যখনত কেবিনেট সম্প্ৰসাৰণৰ বাবে বিচাৰিছে। সিন্দে নেতৃত্বাধীন শিৱসেনাৰ বিধায়কসকলে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ ইচ্ছুক বুলি ইণ্ডিয়া টুডেৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে।

আজি সিন্দেৰ চৰকাৰী বাসগৃহত নৱনিৰ্বাচিত সকলো সাংসদৰ বৈঠকৰো আহ্বান জনাইছে। এনচিপি অজিত পাৱাৰ নেতৃত্বাধীন ফৈদেও বিধায়কসকলৰ মাজত অ মুম্বাইস্থিত তেওঁৰ চৰকাৰী বাসগৃহত এখন বৈঠক আহ্বান কৰিছে।বাৰামাটিৰ আসনত পৰাজয় আৰু অজিত শিবিৰৰ পৰা শাৰদ পাৱাৰ শিবিৰত যোগদান কৰি আহমেদনগৰৰ পৰা নীলেশ লংকে বিজেপিৰ বিৰুদ্ধে জয়লাভ কৰাৰ ঘটনাই শাৰদ পাৱাৰে ৰাজ্যত সহানুভূতি লাভ কৰা বুলিও এক প্ৰবল সংকেত প্ৰেৰণ কৰিছে।

তদুপৰি অজিত পাৱাৰ শিবিৰৰ প্ৰায় ১৫জন বিধায়ক শাৰদ পাৱাৰৰ সৈতে যোগাযোগত আছে আৰু পুনৰ এন চি পি (এছ পি)লৈ অহাৰ সম্ভাৱনা আছে বুলিও চৰ্চা সৃষ্টি হৈছে। সাধাৰণ নিৰ্বাচনত বিজেপিৰ নিৰাশাজনক প্ৰদৰ্শনৰ উদ্ধৃতি দি মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে পদত্যাগ পত্ৰ দিয়াৰ এদিন পাছতে এই ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মহাৰাষ্ট্ৰত মাত্ৰ ৯খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে। সিন্দে শিৱসেনাই প্ৰতিদ্বন্দ্বিতা কৰা ১৪খন আসনৰ ভিতৰত মাত্ৰ ৭খন আসনত জয়লাভ কৰাৰ বিপৰীতে অজিত পাৱাৰ নেতৃত্বাধীন এনচিপিয়ে যুঁজ দিয়া ৪খন আসনৰ ভিতৰত মাত্ৰ ১খন আসনতহে জয়লাভ কৰে। মুঠতে এন ডি এ মিত্ৰজোঁটে ২৯৩খন আসনত জয়লাভ কৰাৰ বিপৰীতে ইণ্ডিয়া ব্লকে ২৩৪খন আসনত জয়লাভ কৰে।