• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

মেংগ্ৰোভ কেৱল উপকূলীয় পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অংশই নহয়, ধুমুহা আৰু জোৱাৰ-ভাটাৰ সময়ত প্ৰাকৃতিক সুৰক্ষা বলয় হিচাপেও কাম কৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 1, 2026 10:04 am
125
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰত আদানী গ্ৰুপৰ দুটা পৃথক প্ৰকল্পৰ বাবে প্ৰায় ৮৩,৭০০ বৰ্গফুট বনভূমি অনুমোদন দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। খবৰ অনুসৰি ২০২৬ চনৰ আগষ্ট মাহত ৰাজ্যৰ বন বিভাগে এই ভূমি প্ৰকল্পৰ বাবে ব্যৱহাৰৰ অনুমতি দি দুটা পৃথক চৰকাৰী নিৰ্দেশনা জাৰি কৰিছিল। মুঠ মাটিকালি প্ৰায় ০.৭৮ হেক্টৰ।

ইয়াৰে সৰ্বাধিক অংশ ৰায়গড় জিলাৰ আলিবাগ তালুকৰ শ্বাহাপুৰ আৰু শ্বাহাবাজ অঞ্চলৰ প্ৰস্তাৱিত আদানী চিমেণ্ট লিমিটেড প্ৰকল্পৰ বাবে দিয়া হৈছে। বাকী থকা মাটিখিনি আমৰাৱতী জিলাত আদানী টোটেল গেছ লিমিটেডৰ প্ৰাকৃতিক গেছ পাইপলাইন নেটৱৰ্ক নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছে।

Apply Now

চৰকাৰী নথি অনুসৰি আলিবাগৰ শ্বাহাপুৰ আৰু শ্বাহাবাজ গাঁৱৰ প্ৰায় ৬৯,৯৩৩ বৰ্গফুট সংৰক্ষিত বনাঞ্চল আৰু মেংগ্ৰোভ এলেকা আদানী চিমেণ্ট প্ৰকল্পৰ প্ৰস্তাৱিত চিমেণ্ট বাল্ক টাৰ্মিনেলৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ’ব।

এই ভূমিত জেটি, কনভেয়াৰ কৰিডৰ আৰু সংযোগী পথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই উপকূলীয় অঞ্চলত মেংগ্ৰোভৰ উপস্থিতিৰ বাবে ভূমি ব্যৱহাৰৰ অনুমোদনে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ, মেংগ্ৰোভ কেৱল উপকূলীয় পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অংশই নহয়, ধুমুহা আৰু জোৱাৰ-ভাটাৰ সময়ত প্ৰাকৃতিক সুৰক্ষা বলয় হিচাপেও কাম কৰে। আনহাতে, অমৰাৱতী জিলাৰ আদানী টোটেল গেছ লিমিটেডক প্ৰায় ১৩,৭৮৮ বৰ্গফুট সংৰক্ষিত বনাঞ্চল ভূমি দিবলৈ অনুমোদন দিয়া হৈছে।

চৰকাৰী নিৰ্দেশনাত উল্লেখ আছে যে এই ভূমি মূলতঃ প্ৰাকৃতিক গেছ বিতৰণৰ বাবে মাটিৰ তলত পাইপলাইন স্থাপনৰ বাবে ব্যৱহাৰ কৰা হ’ব। অৰ্থাৎ দুয়োটা প্ৰকল্পৰ উদ্দেশ্য বেলেগ হ’লেও দুয়োটা ক্ষেত্ৰতে বনভূমি ব্যৱহাৰৰ অনুমতি দিয়া হৈছে। কিন্তু এই অনুমতি নিঃচৰ্ত নহয়। বন বিভাগৰ নিৰ্দেশিকাত কেইবাটাও চৰ্ত আৰোপ কৰা হৈছে। তাৰে এটা হ’ল সংশ্লিষ্ট এলেকাত বন বিভাগৰ বিষয়াসকলৰ মুক্ত চলাচলৰ অধিকাৰ বজাই ৰাখিব লাগিব৷

প্ৰকল্পৰ কামৰ বাবে বনকৰ্মীৰ পৰিদৰ্শন বা কৰ্তব্য পালনত কোনো বাধাৰ সৃষ্টি হ’ব নোৱাৰে। চৰকাৰৰ চৰ্ত উলংঘা হ’লে ভূমি ব্যৱহাৰৰ অনুমতি প্ৰত্যাহাৰ কৰাৰ ক্ষমতাও চৰকাৰৰ হাতত থাকিব বুলি জনোৱা হৈছে। ফলত প্ৰকল্প কোম্পানীসমূহে কিছুমান নিয়ম অনুসৰি নিৰ্মাণ আৰু আন্তঃগাঁথনিৰ কাম আগবঢ়াই নিব লাগিব।

কিন্তু চৰকাৰী অনুমোদনৰ পিছতো পৰিৱেশ বিষয়ক লৈ উদ্বেগ সৃষ্টি হৈছে। বিশেষকৈ আলিবাগ প্ৰকল্পৰ ক্ষেত্ৰত মেংগ্ৰোভ আৰু সংৰক্ষিত বনাঞ্চলৰ কিছু অংশ ব্যৱহাৰৰ বিষয়টোৱে পৰিৱেশবিদসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁলোকৰ আশংকা যে যদিহে স্পৰ্শকাতৰ উপকূলীয় অঞ্চলত নিৰ্মাণৰ কাম কৰা হয় তেন্তে ইয়াৰ প্ৰভাৱ স্থানীয় পৰিৱেশ তন্ত্ৰত পৰিব পাৰে।

মেংগ্ৰোভ ধ্বংস বা ক্ষতিগ্ৰস্ত হ’লে জলজ প্ৰাণী, চৰাই আৰু স্থানীয় জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও উপকূলীয় অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰ আশংকা হ্ৰাস কৰাত মেংগ্ৰোভৰ ভূমিকা সম্পৰ্কেও প্ৰশ্ন উত্থাপন হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd