• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুৰ্বৃত্তৰ আক্ৰমণত মহাৰাষ্ট্ৰ কংগ্ৰেছৰ উপ-সভাপতি হিদয়াতুল্লাহ পেটেলৰ কৰুণ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2026 1:44 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ আকোলা জিলাত এক অতি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ৰাজ্যিক কংগ্ৰেছৰ উপ সভাপতি হিদয়াতুল্লাহ পেটেলক মছজিদৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত বুধবাৰে পুৱা তেওঁৰ মৃত্যু ঘটে। ৬৬ বছৰীয়া নেতাগৰাকীক মঙলবাৰে দিনৰ ভাগত আক্ৰমণ কৰা হৈছিল আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

আৰক্ষীৰ পৰা জানিব পৰা মতে, মঙলবাৰে দিনৰ প্ৰায় ১.৩০ বজাত আকোলা জিলাৰ আকোট তালুকৰ অন্তৰ্গত মোহলা গাঁৱৰ জামা মছজিদত এই ঘটনা সংঘটিত হয়। পেটেল বিয়লিৰ নমাজ অৰ্পণ কৰি মছজিদৰ পৰা ওলাই অহাৰ সময়তে অভিযুক্তই তেওঁক লক্ষ্য কৰি আক্ৰমণ চলায়। পুৰণি শত্ৰুতাৰ বাবেই এই আক্ৰমণ কৰা বুলি প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে।

Apply Now

আক্ৰমণকাৰীয়ে চোকা অস্ত্ৰৰে হিদয়াতুল্লাহ পেটেলৰ ডিঙি আৰু বুকুত আঘাত কৰিছিল। ইয়াৰ ফলত তেওঁৰ শৰীৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হয়। ঘটনাৰ ঠিক পিছৰে কিছুমান দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত নেতাগৰাকীক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত দেখা গৈছে। স্থানীয় ৰাইজে তেওঁক লগে লগে উদ্ধাৰ কৰি আকোটৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে তেওঁক বচাব নোৱাৰিলে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু ফৰেনছিক বিশেষজ্ঞৰ সহায়ত প্ৰমাণ সংগ্ৰহ কৰে। এই হত্যাকাণ্ডৰ সৈতে জড়িত উবেদ খান কালু খান ওৰফে ৰাজিক খান পেটেল নামৰ ২২ বছৰীয়া যুৱকজনক ধৰিবলৈ আৰক্ষীয়ে ৬ টাকৈ বিশেষ দল গঠন কৰিছিল। অৱশেষত মঙলবাৰে নিশা প্ৰায় ৮ বজাত আকোট তালুকাৰ পানাজ গাঁৱৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি বৰ্তমান মোহলা আৰু আকোট চহৰত চেপা উত্তেজনাই বিৰাজ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সমগ্ৰ এলেকাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। জিলা আৰক্ষী অধীক্ষক অৰ্চিত চন্দকে নিজে পৰিস্থিতিৰ তদাৰক কৰিছে। ইতিমধ্যে আকোট গ্ৰাম্য আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd