• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসত পতাকা উত্তোলনৰ পিছতে মাটিত লুটি খাই পৰিল আৰক্ষী বিষয়া; লগে লগে মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 10:12 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভিডিঅ’টো চাই আপোনাৰো বুকু কপি উঠিব! জীৱনটো কচু পাতৰ পানীৰ দৰে পানীৰ দৰে। গণৰাজ্য দিৱস উদযাপনৰ ভিডিঅ’ এটা চাই আপুনি নিশ্চয় এই কথাই ভাবিব। মহাৰাষ্ট্ৰৰ ধাৰাশিৱ জিলাৰ এখন থানাৰ ঘটনা। আৰক্ষী জোৱানসকলে দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছিল। সেই সময়ত সংঘটিত হয় এই কৰুণ ঘটনা।

সেই সময়ত বহুতে অনুষ্ঠানটো ৰেকৰ্ডিং কৰি আছিল। সেই ভিডিঅ’টোত দেখা গৈছে যে অনুষ্ঠানৰ সময়তে হঠাতে মাটিত লুটি খাই পৰি যায় এজন জ্যেষ্ঠ আৰক্ষী বিষয়া। ছটফটাই থাকি নিথৰ হৈ পৰে। এনে ঘটনাত তেওঁৰ সহকৰ্মীসকল স্তম্ভিত হৈ পৰিছিল। সকলো বাদ দি আৰক্ষী বিষয়াজনক চিকিৎসালয়লৈ লৈ গ’ল। সূত্ৰ অনুসৰি এই অনুষ্ঠানৰ সময়ত ব্যক্তিজনৰ হাৰ্ট এটেক হয়। পিছত যেতিয়া তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, তেতিয়া তাতেই তেওঁৰ মৃত্যু হোৱা বুলি কোৱা হয়।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি ওমেৰগা তহচিলৰ তালমোদ সীমান্তৰ চেকপইণ্টত পতাকা উত্তোলন অনুষ্ঠান চলি আছিল। অনুষ্ঠানৰ অন্তত ৫৬ বছৰীয়া মোহন যাদৱে সহকৰ্মীসকলৰ সৈতে গ্ৰুপ ফটো এখনৰ বাবে থিয় হৈ থকা অৱস্থাত হঠাৎ অসুস্থ অনুভৱ কৰি ঢলি পৰে।

জানিব পৰা মতে গণৰাজ্য দিৱসৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন স্থানত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছিল। ধাৰাশিৱৰ উমৰগড়ৰ তালমোদ চেকপোষ্টতো আৰক্ষী মোতায়েন কৰা হয়। প্ৰোহিবিশ্যন অফিচাৰ মোহন যাদৱ তাত কৰ্তব্যত আছিল।

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত কোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ধাৰাশিৱৰ উমৰগড়ৰ তালমোদ চেকপোষ্টত আৰক্ষী মোতায়েন কৰা হয়। নিহত লোকজনৰ নাম প্ৰোহিবিশ্যন অফিচাৰ মোহন যাদৱ বুলি ঘোষণা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত গুৰুতৰ হাৰ্ট এটেকক মৃত্যুৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে।

ইপিনে, পৰিয়ালটোৱে কয় যে সেইদিনা ৰাতিপুৱাও তেওঁ সম্পূৰ্ণ সুস্থ আছিল, অসুস্থতাৰ কোনো লক্ষণ নাছিল। অনুষ্ঠানলৈ যাবলৈ নিয়মমতে নিজকে সাজু কৰি লৈছিল। পৰিয়ালটোৱে দাবী কৰে যে ভিতৰি কিবা সমস্যা অনুভৱ কৰিলেও তেওঁ কাকো কোৱা নাছিল।

धाराशिव : झेंडावंदनासाठी उभे राहिले अन् हृदयविकाराचा झटका येऊन कोसळले, अधिकाऱ्याचा मृत्यू VIDEO pic.twitter.com/qgMulgPhWw

— Sumit Bhujbal (@SumitBhujb19648) January 26, 2026

মঙলবাৰে সোলাপুৰত তেওঁৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হয়। আৰক্ষী বিষয়া মোহন যাদৱৰ আকস্মিক মৃত্যুত প্ৰশাসন আৰু সহযোগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। আৰক্ষী জোৱানৰ মাজত তেওঁ এজন কৰ্তব্যপৰায়ণ আৰু অনুশাসিত বিষয়া হিচাপে পৰিচিত আছিল। তেওঁৰ অকাল মৃত্যুত তেওঁৰ পৰিয়াল আৰু সহকৰ্মীসকল স্তম্ভিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd