এগৰাকী আৰক্ষীৰ দ্বাৰা বাৰম্বাৰ ধৰ্ষণৰ বলি হৈ আত্মহত্যাৰ পথ বাচি ল’লে এগৰাকী মহিলা চিকিৎসকে। মৃত্যুৰ পূৰ্বে নিজৰ হাতৰ তলুৱাত সুইচাইড নোট লিখি থৈ গৈছিল চিকিৎসক গৰাকীয়ে।
মাত্ৰ চাৰিমাহ আগতে তেওঁ তিনিজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে স্থানীয় ডিএছপিৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল। ৰক্ষকেই ভক্ষক হোৱাৰ এই ঘটনাই মহাৰাষ্ট্ৰৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে।
এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছে এনডিএ চৰকাৰক কঠোৰ সমালোচনা কৰিছে। কংগ্ৰেছ নেতা বিজয় নামদেৱৰাও ৱাদেত্তীৱাৰে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘ৰক্ষকেই ভক্ষক হৈ পৰিল। আৰক্ষীৰ কাম হৈছে ৰক্ষা কৰা, কিন্তু তেওঁলোকেই মহিলা চিকিৎসকক নিৰ্যাতন চলাইছে। আচলতে এন ডি এ চৰকাৰে আৰক্ষীক ঢাল হিচাপে ব্যৱহাৰ কৰিছে, সেয়েহে আৰক্ষীয়েও অত্যাচাৰ চলাইছে।‘
অৱশ্যে চৰকাৰে এই ঘটনাৰ সম্পূৰ্ণ তদন্তৰ আশ্বাস দিছে। কিন্তু প্ৰশ্ন হয়, চাৰিমাহ আগতে চিকিৎসক গৰাকীয়ে অভিযোগ দাখিল কৰাৰ পিছতো কিয় অভিযুক্তসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ‘ল? এই সমগ্ৰ ঘটনাক লৈ তৃণমূল কংগ্ৰেছেও এক্স হেণ্ডেলত ক্ষোভ প্ৰকাশ কৰিছে।
বৃহস্পতিবাৰে নিশা যুৱতীগৰাকীয়ে আত্মহত্যা কৰে। তেওঁ মহাৰাষ্ট্ৰৰ ফল্টন উপ-জিলা চিকিৎসালয়ত কৰ্মৰত আছিল। মৃত্যুৰ আগতে তেওঁ বাওঁ হাতত লিখি থৈ গৈছিল, “মোৰ মৃত্যুৰ বাবে আৰক্ষী পৰিদৰ্শক গোপাল বাদানেই দায়ী। তেওঁ মোক চাৰিবাৰ ধৰ্ষণ কৰিছে। পাঁচ মাহ ধৰি তেওঁ মোৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছে।”
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত আৰক্ষী বিষয়াজনক নিলম্বন কৰা হৈছে।





