চলন্ত অটোৰিক্সাত কিশোৰীক যৌন উৎপীড়নৰ চেষ্টা চালকৰ: আত্মৰক্ষাৰ বাবে পথত জাঁপ দিলে কিশোৰীয়ে

Girl Jumps Out Of Auto To Escape Harassment

দেশত বৰ্দ্ধিত ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি নাৰী সুৰক্ষাক লৈ উত্থাপিত প্ৰশ্নৰ সময়তে এইবাৰ মহাৰাষ্ট্ৰত সংঘটিত হৈছে চলন্ত বাহনত কিশোৰী উৎপীড়নৰ ঘটনা। ৰাজ্যখনৰ ঔৰঙ্গাবাদত এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ দ্ৰুতবেগী অটোৰিক্সাৰ পৰা পথত জঁপিয়াবলৈ বাধ্য হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দেওবাৰে সংঘটিত এই সমগ্ৰ ঘটনাৰ দৃশ্য পথৰ কাষৰ এখন দোকানৰ চিচিটিভি ফুটেজত বন্দী হয়। বাহনখনৰ পৰা পথত জাঁপ দিয়াৰ পিছতে কাষতে থকা পথচাৰীসকলে অৱশ্যে কিশোৰীগৰাকীক সহায় আগবঢ়ায়।

প্ৰকাশিত খবৰ অনুসৰি, কিশোৰীগৰাকীয়ে টিউচনৰ পিছত অটোৰিক্সাখনত উঠি নিজৰ ঘৰলৈ ৰাওনা হৈছিল। প্ৰথমে কিশোৰীগৰাকীক চৈয়দ আকবৰ হামিদ নামৰ অটো চালকজনে সাধাৰণ প্ৰশ্ন সোধে যদিও লাহে লাহে অশ্লীল মন্তব্য কৰিবলৈ আৰম্ভ কৰে।

চাকলগৰাকীৰ এই আচৰণত কিশোৰীগৰাকী ভীতিগ্ৰস্ত হৈ পৰে আৰু চালক হামিদে অটোখনৰ গতি বঢ়োৱাৰ চেষ্টা কৰোঁতেই কিশোৰীগৰাকীয়ে আত্মৰক্ষাৰ বাবে বাহনখনৰ পৰা পথতে জাপঁ দিয়ে।

এই আকস্মিক ঘটনাৰ পাছতে কাষতে থকা পথচাৰীসকলে কিশোৰীগৰাকীক এখন স্থানীয় চিকিৎসালয়লৈ তৎকালীনভাৱে লৈ যায়। দ্ৰুতবেগী বাহনখনৰ পৰা জাঁপ দিয়াৰ ফলত কিশোৰীগৰাকীয়ে মূৰত কিছু আঘাত পাইছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইফালে আৰক্ষীয়ে চিচিটিভি ফুটেজৰ সহায়ত অভিযুক্ত অটো চালকজনক গ্ৰেপ্তাৰ কৰিছে। চালকগৰাকীৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ কঠোৰ সুৰক্ষা আইনৰ (POCSO) অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰিছে।