ধৰ্ষণৰ অভিযোগত অভিযুক্ত স্বঘোষিত ধৰ্মগুৰু অশোক খাৰাটৰ সৈতে জড়িত মন্দিৰলৈ মহাৰাষ্ট্ৰ চৰকাৰে এক কোটিতকৈ অধিক টকাৰ অনুদান আগবঢ়াইছিল। চৰকাৰী তথ্য অনুসৰি এই ধন ২০১৮ চনত স্থানীয় পৰ্যটন উন্নয়ন আঁচনিৰ অধীনত ঈশানেশ্বৰ মন্দিৰ (শ্ৰী ঈশানেশ্বৰ দেৱস্থান মন্দিৰ ট্ৰাষ্ট)ক দিয়া হৈছিল। সেই সময়ত ট্ৰাষ্টৰ মুৰব্বী আছিল একাধিক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত অশোক খাৰাট।
জানিব পৰা মতে, ৩৫ বছৰীয়া এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে খাৰাট। মুঠতে ৫৮ গৰাকী মহিলা তেওঁৰ কামনাৰ বলি হৈছিল।
তদন্তকাৰী বিষয়াৰ মতে, তেওঁ নাৰীক স্বামীৰ অকাল মৃত্যুৰ ভয়ৰ কাহিনী কৈ, পাৰিবাৰিক বিবাদ নিষ্পত্তি কৰা, তন্ত্ৰ আৰু মন্ত্ৰৰ বিভিন্ন কাহিনী কৈ নাৰীক ফান্দত পেলাইছিল। ইয়াৰ পিছত তেওঁলোকক ড্ৰাগছ সেৱন কৰাই যৌন নিৰ্যাতন চলাইছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি খাৰাটৰ সৈতে ১০০ৰো অধিক অশ্লীল ভিডিঅ’ উদ্ধাৰ হৈছে। চাইবাৰ আৰক্ষীয়ে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে।
চৰকাৰী তথ্য অনুসৰি মন্দিৰ চৌহদৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে মুঠ ১.৫ কোটি টকা দিয়া হৈছিল। সেই সময়ত বিজেপি নেতা জয়কুমাৰ ৰাৱাল মহাৰাষ্ট্ৰৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ দায়িত্বত আছিল। ২০১৭-১৮ বিত্তীয় বৰ্ষত মন্দিৰ সমিতিক ২৫ লাখ টকা দিয়া হৈছিল।
জনা গৈছে যে নাচিকত মুঠ চাৰিটা প্ৰকল্পই চৰকাৰী অনুমোদন লাভ কৰিছিল। তাৰ ভিতৰত ঈশানেশ্বৰ মন্দিৰে সৰ্বাধিক ধন লাভ কৰিছিল। তদন্তত প্ৰকাশ পাইছে যে খাৰাটৰ মুঠ সম্পত্তি ১৫০০ কোটিতকৈও অধিক। আয়কৰ বিভাগেও এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই স্বঘোষিত ধৰ্মগুৰুজনেও ঈশানেশ্বৰ মন্দিৰৰ উন্নয়নৰ ধনো আত্মস্যাত কৰিছিল নেকি? উত্থাপন হৈছে প্ৰশ্ন।





