যোৱা ফেব্ৰুৱাৰী মাহত দম্পতীহালৰ বিয়া হৈছিল। মাত্ৰ কেইমাহমান পাৰ হৈ গ’ল। কিন্তু বিবাহিত জীৱনটো সুখক নাছিল। ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ মন্ত্ৰী পংকজা মুণ্ডেৰ ব্যক্তিগত সহায়কৰ পত্নীয়ে নিজৰ ঘৰতে আত্মহত্যা কৰে। মৃত যুৱতীগৰাকীৰ স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। মুম্বাইৰ ৱৰ্লি অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ঘটনাটোক কেন্দ্ৰ কৰিয়েই উত্তেজনাৰ সৃষ্টি হৈছিল। অৱশ্যে হত্যা নে আত্মহত্যা সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
মৃত মহিলাগৰাকীৰ নাম গৌৰী পালভে। তেওঁৰ স্বামী অনন্ত গৰ্জে। তেওঁ বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী পংকজা মুণ্ডেৰ ব্যক্তিগত সহায়ক হিচাপে কাম কৰে। মৃতকৰ পৰিয়ালে সৰ্বভাৰতীয় সংবাদ মাধ্যমক জনোৱা মতে, পেছাত চিকিৎসক গৌৰীয়ে ফেব্ৰুৱাৰী মাহত অনন্তৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ পিছৰে পৰা দুয়োৰে মাজত অশান্তিৰ সৃষ্টি হৈছিল। কেৱল সেয়াই নহয়, তেওঁলোকক প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। তাৰ বাবেই গৌৰীয়ে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল বুলি পৰিয়ালে দাবী কৰিছে। এই সন্দৰ্ভত স্থানীয় আৰক্ষী থানাতো অনন্ত গৰ্জেৰ নামত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। তেওঁলোকৰ একমাত্ৰ দাবী যে যুৱকজনক কঠোৰ শাস্তি দিয়া হওক।
আনহাতে, পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আনহাতে, আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে পাৰিবাৰিক অশান্তিৰ বাবেই হয়তো গৌৰী পালভে আত্মহত্যা কৰিছে। অৱশ্যে অন্যান্য দিশৰ ওপৰতো তদন্ত চলি আছে। আনকি অনন্ত গৰ্জেৰ ভূমিকা সম্পৰ্কেও তদন্ত চলি আছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।




