আহিছে আহিছে ধোনী আহিছে, নতুন বতৰা লৈ! কিয় এনে লুক কেপ্টেইন কুলৰ?
আন্তৰ্জাতিক ক্ৰিকেটত ফেশ্বন ভালপোৱা তাৰকাসকলৰ মাজত মহেন্দ্ৰ সিং অন্যতম।
দেশৰ জাৰ্চি এৰি অৱসৰ গ্ৰহণ কৰাৰ পাছতো এতিয়া ফেশ্বন আৰু নিজৰ ষ্টাইলৰ বাবে মাজে সময়ে বাতৰিৰ শিৰোণামা দখল কৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে।
শেহতীয়াকৈ ধোনীৰ নতুন লুকৰ এখন ছবি ইনষ্টাগ্ৰামত প’ষ্ট কৰিছে ষ্টাইলিষ্টি আলিম হাকিমে। লগে লগেই ভাইৰেল হৈ পৰে প’ষ্টটো।
ইতিমধ্যে প’ষ্টটো প্ৰায় তিনি লাখ লোকে পছন্দ কৰিছে।
ধোনীৰ অনুৰাগীসকলে তাৰকাগৰাকীৰ নতুন লুক দেখি যথেষ্ট উৎফুল্লিত হৈ পৰিছে। বহুতে মন্তব্য কৰিছে, ‘’৪০ বছৰীয়া ধোনীক এই লুকত ২৫ বছৰীয়া যেন লাগিছে।‘’
আন এগৰাকী অনুৰাগীয়ে আকৌ লিখিছে,’’মই নিজেও এনেকুৱা এটা লুকেই বিচাৰিছিলো। ধোনীয়ে সেয়া কৰি দেখুৱালে।‘’
উল্লেখ্য যে বহুদিন ধৰি চলি থকা চৰ্চাৰ পাছত মহেন্দ্ৰ সিং ধোনীয়ে ২০২০চনৰ আগষ্টত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল।
অৱশ্যে ধোনীয়ে এতিয়াও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দি আহিছে।