• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সাত দিনৰ আৰক্ষী জিম্মালৈ সংসদ ভৱনৰ নিৰাপত্তা ভংগকাৰী ষষ্ঠজন অভিযুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2023 6:46 pm
Parliament security Breach
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সমানে এই ঘটনাৰ তদন্ত অব্যাহত আছে। এই গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ষষ্ঠজন অভিযুক্তকো আজি ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

মহেশ কুমাৱত নামৰ এই অভিযুক্ত যুৱকজনক সমগ্ৰ কাণ্ডৰ ‘মাষ্টাৰমাইণ্ড’ ললিত ঝাক দিল্লীৰ পৰা পলাই যোৱাত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

Apply Now

মহেশ কুমাৱতে বৃহস্পতিবাৰে নিশা ললিত ঝাৰ সৈতে এখন আৰক্ষী চকীত উপস্থিত হৈ আত্মসমৰ্পণ কৰিছিল আৰু দুয়োকে বিশেষ কোষক গতাই দিয়া হৈছিল। তেতিয়াৰ পৰা জেৰাৰ সন্মুখীন হৈছিল কুমাৱত।

বুধবাৰৰ ঘটনাৰ পৰিকল্পনাকাৰী গোটটোৱে সৃষ্টি কৰা তথা এতিয়া ডিলিট কৰা ভগত সিং ফেন ক্লাব নামৰ পেজটোৰ সদস্য আছিল মহেশ কুমাৱত। প্ৰমাণ ধ্বংস আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, যোৱা বুধবাৰে সংসদৰ ভিতৰত আতংকময় পৰিস্থিতিৰে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত কৰা ললিত ঝাক কালি ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

আৰক্ষীয়ে ১৫ দিনৰ জিম্মাৰ বাবে আবেদন জনাইছিল যদিও আদালতে ৭ দিনৰ বাবে মঞ্জুৰ কৰে জিম্মাৰ ম্যাদ। বুধবাৰৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ থকা ঝাই যোৱা নিশা দিল্লী আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল।

বিহাৰৰ বাসিন্দা ললিত ঝাই কলকাতাত শিক্ষক হিচাপে কাম কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছিল। আৰক্ষীৰ মতে, ললিত ঝা ভাৰতীয় স্বাধীনতা আন্দোলনৰ কিংবদন্তি সংগ্ৰামী ভগত সিঙৰ পৰা অনুপ্ৰাণিত হৈছিল।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী কঠোৰ আইন অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰিছে।

ইতিপূৰ্বে এই কাণ্ডৰঅভিযোগত গ্ৰেপ্তাৰ হোৱা চাৰিজন অভিযুক্তক বৃহস্পতিবাৰে আদালতে সোধা-পোছাৰ উদ্দেশ্যে সাত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে, বুধবাৰে বিয়লি লক্ষ্ণৌৰ সাগৰ শৰ্মা আৰু মাইচুৰুৰ ডি মনোৰঞ্জনে সংসদৰ ভিতৰত কন্দুৱা গেছ উলিয়াই আতংকৰ সৃষ্টি কৰিছিল।

এনে আকস্মিক কাণ্ডৰ পিছত দুয়োজনকে কেইগৰাকীমান সাংসদ আৰু নিৰাপত্তাৰক্ষীয়ে আটক কৰিছিল। আনহাতে দৰ্শনাৰ্থীৰ পাছ ল’ব নোৱাৰি নীলম দেৱী আৰু আমোল শিণ্ডেই সংসদৰ বাহিৰত প্ৰতিবাদ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd