NORTHEAST NOW (Assamese)

মুম্বাইত ১১৬ কোটি টকাত কিনিছে ফ্লেট! জানেনে এই মহিলাৰ পৰিচয়?

January 14, 2024 11:09 am · এন ই নাও নিউজ, মুম্বাই
ফটোঃ সংগ্ৰহীত।

মুম্বাইৰ লৱাৰ পেৰেল এলেকাত এটা অভিজাত ফ্লেট কিনিছে এগৰাকী মহিলাই। `থাৰ্টি ছিক্স ৱেষ্ট’ বহুমহলীয়া বিলাসী ফ্লেটৰ মূল্য ১১৬.৪২ কোটি টকা। এনে বিপুল পৰিমাণৰ ধনেৰে ফ্লেট কিনাৰ বাবেই এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দুত মহিলাগৰাকী।

শেহতীয়াকৈ এই ফ্লেট বিক্ৰীৰ বিষয়ে বিশদ তথ্য এটা ৰিয়েল এষ্টেট ডাটা এনালাইটিক্স চাইটত প্ৰকাশ পাইছে। ২০২১ চনৰ ৫ জানুৱাৰীত এই ফ্লেটটো পঞ্জীয়ন কৰা হৈছিল। ভ্ৰাটিকা গুপ্তা নামৰ এগৰাকী মহিলাই এই ফ্লেটটো কিনিছিল। এই মহিলাগৰাকী কোন?

ভ্ৰাটিকা গুপ্তা মুম্বাইৰ এগৰাকী ফেশ্বন ডিজাইনাৰ। তেওঁ মাইচন ছিয়া কোম্পানীৰ প্ৰতিষ্ঠাপকো। নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (এনআইএফটি)ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ভ্ৰাটিকাই। তেওঁ পাৰ্ল একাডেমী অৱ ফেশ্বনতো অধ্যয়ন কৰিছিল।

লগতে পঢ়কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! ৰাহুল গান্ধীৰ ঘনিষ্ঠ নেতা মিলিন্দ দেওৰাৰ পদত্যাগ

ভ্ৰাটিকাই পোছাক ডিজাইনাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ একাধিক বিখ্যাত ব্ৰেণ্ডত কাম কৰিছিল। তাৰ পিছত তেওঁ নিজৰ কোম্পানীটো খোলে। বহুদিনৰ পৰা উপাৰ্জন কৰা টকাৰেই এই ফ্লেটটো কিনিছে।

লৱাৰ পেৰেলত কিনা ভ্ৰাটিকাৰ ফ্লেটটোৰ আকাৰ ১২ হাজাৰ ১৩৮ বৰ্গফুট। গাড়ী পাৰ্কিংৰ আঠটা স্থান আছে। ৭ জানুৱাৰীত এই ফ্লেটটো পঞ্জীয়ন কৰা হৈছে। ষ্টাম্প ডিউটি লাগিছে ৫.৮২ কোটি টকা। মুঠতে ফ্লেটটো কিনোতে ব্যয় হৈছে ১১৬.৪২ কোটি টকা।

লগতে পঢ়কঃ ভোগৰ সম্ভাৰ লৈ ৰীতি-পৰম্পৰাৰে অসমীয়াৰ আনন্দ আৰু সম্প্ৰীতিৰ ভোগালী

অৱশ্যে মুম্বাইৰ সেই অঞ্চল অধিক হাই প্ৰফাইল ফ্লেট বিক্ৰী হৈছে। তাত সকলো ফ্লেটেই ৪ বা ৫ বি এইচ কেৰ। মুঠতে দুটা টাৱাৰ আছে। প্ৰতিটো ফ্লেটতে বিলাসী ব্যৱস্থা আছে। ২০২১ চনৰ মাৰ্চ মাহত ১০০ কোটি টকাত এটা ফ্লেট বিক্ৰী কৰা হৈছিল। ইয়াৰ উপৰিও উচ্চ মূল্যত ইয়াৰ ফ্লেট বিক্ৰী হৈছে। 

Related News