শলঠেকত পৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ চৰকাৰ।দিল্লী পৌৰ নিগমৰ নিৰ্বাচন ২০২২ৰ পূৰ্বে আম আদমী পাৰ্টিক এক ডাঙৰ আঘাতে ব্যতিব্যস্ত কৰি তুলিছে। দিল্লীৰ বিদ্যালয়সমূহত এটা ডাঙৰ কেলেংকাৰী ঘটাৰ অভিযোগ উঠি আহিছে। ভিজিলেন্স সঞ্চালকালয়ে শুকুৰবাৰে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহৰ বাবে শ্ৰেণীকোঠা নিৰ্মাণত হোৱা অনিয়মৰ অভিযোগ এটা “বিশেষ সংস্থা”ৰ দ্বাৰা তদন্তৰ পৰামৰ্শ দিয়ে। ভিজিলেন্স সঞ্চালকালয়ে দাবী কৰা অনুসৰি দিল্লীৰ বিদ্যালয়সমূহত ১,৩০০ কোটি টকাৰ কেলেংকাৰী হৈছে।
অভিযোগ অনুসৰি দিল্লীৰ বিদ্যালয়সমূহত ২৪০০ টা শ্ৰেণীকোঠা নিৰ্মাণত অনিয়ম হৈছিল। দিল্লী চৰকাৰৰ এনে এনিয়মৰ বিষয়ে তদন্তৰ পৰামৰ্শ দি ভিজিলেন্স সঞ্চালকালয়ে এখন প্ৰতিবেদন মুখ্য সচিবলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। ইফালে বহু চৰ্চিত কেলেংকাৰীক লৈ আপক উভতি ধৰিছে বিজেপিয়ে। বিজেপিয়ে কয় যে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত শ্ৰেণীকোঠা নিৰ্মাণত “অনিয়ম” সন্দৰ্ভত ভিজিলেন্স সঞ্চালকালয়ৰ প্ৰতিবেদনে এই কথাই প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল শিশুৰ শিক্ষাৰ কথা নহয়, তেওঁলৈ ক’লা ধন প্ৰবাহিত হোৱাৰ কথাহে চিন্তা কৰে।।
এখন সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ ভাটিয়াই বিষয়টোত ভিজিলেন্স সঞ্চালকালয়ৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে আপে শিক্ষাৰ নামত কেৱল কেলেংকাৰীহে কৰিছে। তেওঁ অভিযোগ কৰে যে “দুৰ্নীতিগ্ৰস্ত গব্বৰ” কেজৰিৱালে ব্যক্তিগত কোম্পানী “বব্বৰ আৰু বব্বৰ”ৰ সৈতে মিত্ৰতা কৰি নিবিদা আহ্বান নকৰাকৈ শ্ৰেণীকোঠা নিৰ্মাণ কৰিছিল। ভিজিলেন্স সঞ্চালকালয়ে শিক্ষা বিভাগ আৰু পিডব্লিউডিৰ সংশ্লিষ্ট বিষয়াসকলৰ ক্ষেত্ৰতো “দায়িত্ব নিৰ্ধাৰণ” কৰাৰ পৰামৰ্শ দিছে।