অহা ১ এপ্ৰিল ২০২৬ তাৰিখৰ পৰা দেশৰ আয়কৰ ব্যৱস্থাত কেতবোৰ উল্লেখনীয় পৰিৱৰ্তন কাৰ্যকৰী হ’বলৈ গৈ আছে। কেন্দ্ৰীয় বাজেট ২০২৬ত আয়কৰ আইনৰ সংশোধন কৰি কৰদাতাসকলৰ বাবে প্ৰক্ৰিয়াটো সহজ কৰাৰ লগতে জটিলতা হ্ৰাস কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। নতুন ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা এই সালসলনিসমূহ বলবৎ হ’ব য’ত নতুন আয়কৰ আইন প্ৰৱৰ্তনৰ লগতে ৰিটাৰ্ণ দাখিলৰ সময়সীমা বৃদ্ধি আৰু বিভিন্ন শুল্কৰ হাৰত সালসলনি কৰা হৈছে। এই নতুন ব্যৱস্থাত দীৰ্ঘদিনীয়া ১৯৬১ চনৰ আয়কৰ আইনখনৰ ঠাইত নতুন আয়কৰ আইন ২০২৫ কাৰ্যকৰী কৰা হ’ব যদিও আয়কৰৰ স্ল্যাবত বৰ্তমান কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
কৰদাতাসকলৰ বাবে আন এক সকাহৰ খবৰ হ’ল যে আয়কৰ ৰিটাৰ্ণ বা আইটিআৰ দাখিল কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। বিশেষকৈ নন-অডিট কৰদাতাসকলৰ বাবে আইটিআৰ-৩ আৰু আইটিআৰ-৪ জমা দিয়াৰ অন্তিম তাৰিখ এতিয়াৰ পৰা ৩১ আগষ্টলৈকে বৃদ্ধি কৰা হৈছে। একেদৰে সংশোধিত ৰিটাৰ্ণ জমা দিয়াৰ সময়সীমাও ৩১ ডিচেম্বৰৰ পৰা বঢ়াই ৩১ মাৰ্চ কৰা হৈছে যদিও ৩১ ডিচেম্বৰৰ পাছত ৰিটাৰ্ণ দাখিল কৰিলে অতিৰিক্ত মাচুল ভৰিব লাগিব। ইয়াৰ সমান্তৰালকৈ বাজেটত বিভিন্ন সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত টেক্স কালেক্টেড এট চৰ্চ বা টিচিএছৰ হাৰতো সালসলনি ঘটোৱা হৈছে। এতিয়াৰ পৰা সুৰা, স্ক্ৰেপ আৰু কয়লা বা লোৰ দৰে খনিজ পদাৰ্থৰ বিক্ৰীত টিচিএছৰ হাৰ ১ শতাংশৰ পৰা বৃদ্ধি কৰি ২ শতাংশ কৰা হৈছে। অৱশ্যে তেন্দু পাত বিক্ৰীৰ ক্ষেত্ৰত এই হাৰ ৫ শতাংশৰ পৰা ২ শতাংশলৈ হ্ৰাস কৰা হৈছে।
বিদেশ ভ্ৰমণ আৰু শিক্ষাৰ ক্ষেত্ৰতো চৰকাৰে কৰদাতাসকলক কিছু সকাহ দিছে। বিদেশ ভ্ৰমণ পেকেজৰ ক্ষেত্ৰত পূৰ্বৰ ৫ শতাংশ আৰু ২০ শতাংশ টিচিএছৰ সলনি এতিয়া মাত্ৰ ২ শতাংশ টিচিএছ প্ৰযোজ্য হ’ব। সেইদৰে বিদেশত শিক্ষা গ্ৰহণ আৰু চিকিৎসাৰ ব্যয়ৰ ক্ষেত্ৰতো টিচিএছ ৫ শতাংশৰ পৰা ২ শতাংশলৈ কমাই অনা হৈছে। ইয়াৰ বিপৰীতে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলৰ বাবে কিছু চিন্তাৰ কাৰণ হ’ব পাৰে কিয়নো ফিউচাৰ আৰু অপচন ট্ৰেডিঙত চিকিউৰিটিজ ট্ৰানজাকচন টেক্স বা এছটিটি বৃদ্ধি কৰা হৈছে। ফিউচাৰ ট্ৰেডত এই টেক্স ০.০২ শতাংশৰ পৰা ০.০৫ শতাংশ আৰু অপচন ট্ৰেডত ০.১ শতাংশৰ পৰা ০.১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে যাৰ ফলত ট্ৰেডাৰসকলৰ খৰচ বৃদ্ধি পাব।
আনহাতে শ্বেয়াৰ বাইবেকৰ ক্ষেত্ৰতো নতুন নিয়ম বলবৎ কৰা হৈছে য’ত বাইবেকৰ পৰা পোৱা ধন এতিয়াৰ পৰা ডিভিডেণ্ডৰ পৰিৱৰ্তে কেপিটেল গেইন হিচাপে গণ্য কৰা হ’ব। কৰ্পোৰেট আৰু নন-কৰ্পোৰেট প্ৰম’টাৰসকলৰ বাবে ইয়াৰ ওপৰত অতিৰিক্ত কৰৰ বোজাও জাপি দিয়া হৈছে। তদুপৰি অহা ১ এপ্ৰিলৰ পৰা ডিভিডেণ্ডৰ পৰা হোৱা আয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ সুতৰ ৰেহাই পোৱা নাযাব আৰু এই আয় সম্পূৰ্ণৰূপে আয়কৰৰ আওতালৈ আহিব। বিশেষজ্ঞসকলৰ মতে এই নতুন নিয়মসমূহৰ ফলত সামগ্ৰিকভাৱে আয়কৰ ব্যৱস্থাটো সৰল হ’ব যদিও শ্বেয়াৰ বজাৰৰ ট্ৰেডাৰ আৰু একাংশ বিনিয়োগকাৰীৰ ওপৰত কৰৰ চাপ বৃদ্ধি পোৱাটো নিশ্চিত। সেয়েহে নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই সকলো কৰদাতাক নিজৰ বিত্তীয় পৰিকল্পনা পুনৰ এবাৰ পৰীক্ষা কৰি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।





