• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধনৰ বিনিময়ত NEET ত বহু শিক্ষাৰ্থীয়ে লাভ কৰিছিল বেছি নম্বৰ! চিবিআইৰ তদন্তত ওলাল জোলোঙাৰ মেকুৰী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 23, 2021 12:37 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

228
VIEWS
Share on FacebookShare on Twitter

মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা NEET ত সংঘটিত হোৱা দুৰ্নীতিয়ে এতিয়া জোকাৰি গৈছে সমগ্ৰ দেশকে।

NEET ত বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত একাংশ শিক্ষাৰ্থীক ভাল নম্বৰ দিয়াৰ কথা পোহৰলৈ অহাৰ পিছতে বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই-এ চলোৱা তদন্তত এই বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। চিবিআইৰ তদন্তত প্ৰকাশ পোৱা মতে ৫০ লাখকৈ টকালৈ বহু শিক্ষাৰ্থীক NEET ত ভাল নম্বৰ দিয়িা হৈছিল।

এই কেলেংকাৰীৰ অভিকেন্দ্ৰ হিচাবে পৰিগণিত হোৱা মহাৰাষ্ট্ৰৰ আৰ কে এডুকেছন কেৰিয়াৰ গাইডেন্স নামৰ কোচিং চেণ্টাৰটোৰ কেইবাজনো লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

চিবিআইৰ সূত্ৰ এটাই জানিবলৈ দিয়া মতে উক্ত কোচিং চেণ্টাৰটোৱে একাংশ শিক্ষাৰ্থীক NEET ত ভাল নম্বৰ দিয়াৰ বিনিময়ত ধনৰ লেন-দেন কৰিছিল। কোচিং চেণ্টাৰটোৱে ধন লোৱা শিক্ষাৰ্থীসকলক NEET ত নকল কৰাৰ সুবিধা কৰি দিছিল।

বিভিন্ন পৰীক্ষা কেন্দ্ৰ সৈতে কোচিং চেণ্টাৰটোৱে ধনৰ বিনিময়ত সম্পৰ্ক গঢ়ি তুলিছিল আৰু একাংশ শিক্ষাৰ্থীক NEET ত তেনেদৰেই বেছি নম্বৰ পোৱাৰ সুবিধা কৰি দিছিল।

আনকি পৰীক্ষাৰ্থীক নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত বহিব পৰাৰো ব্যৱস্থা কৰি দিছিল উক্ত কোচিং চেণ্টাৰটোৱে।কোচিং চেণ্টাৰটোৱে আনকি বহু পৰীক্ষাৰ্থীৰ বিপৰীতে ভুৱা পৰীক্ষাৰ্থীৰ জৰিয়তে পৰীক্ষা ব্যৱস্থা কৰাৰ কথাও পোহৰলৈ আহিছে।

চিবিআই- এ এই সমস্ত ঘটনাৰ তদন্ত কৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে।

NEET ৰ দৰে পৰীক্ষাত সংঘটিত এনে দুৰ্নীতিৰ খবৰে এতিয়া বিভিন্ন মহলত ব্যাপক জোকাৰণি তোলা পৰিলক্ষিত হৈছে।

উল্লেখ্য ইয়াৰ পূৰ্বে ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাতো ব্যাপক জালিয়াতি সংঘটিত হোৱাৰ কথা প্ৰমাণিত হৈছিল।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd