সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী এতিয়া সংকটৰ গৰাহত পৰিছে। প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটক মাজুলীৰ অনন্য ৰূপ উপভোগ কৰিবলৈ আহে। কিন্তু খহনীয়াৰ কবলত এই নদীদ্বীপটো সংকুচিত হৈ আহিছে। খহনীয়াৰ ফলত প্ৰতি বছৰে বহু লোক গৃহহীন হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি হেৰুৱাইছে।
চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন সময়ত আঁচনি ৰূপায়ণ কৰিলেও শালমৰা আৰু ভকত চাপৰিৰ অনেক অঞ্চল এতিয়াও সুৰক্ষিত নহয়। মাজুলীৰ শালমৰা আৰু ভকত চাপৰিত আজিও খহনীয়া অব্যাহত আছে। ব্ৰহ্মপুত্ৰ ব‘ৰ্ডে মাজুলীৰ সুৰক্ষাৰ বাবে বছৰ বছৰ ধৰি কাম কৰি আহিছে যদিও ইয়াৰ ভূ-খণ্ডৰ এচপৰা মাটিও ৰক্ষা কৰিব পৰা নাই। সেয়েহে এইবাৰ অঞ্চলটোৰ ১৪ খন গাঁৱৰ ৰাইজে চৰকাৰলৈ অপেক্ষা নকৰি বাঁহেৰে খহনীয়া ৰোধৰ চেষ্টা চলাইছে।
মাজুলীৰ ভকত চাপৰিত অব্যাহত থকা খহনীয়া ৰোধ কৰিবলৈ চৰকাৰলৈ বাট নাচাই ভকত চাপৰিৰ ৰাইজে ব্ৰহ্মপুত্ৰক ভেটিবলৈ ওলাই আহিছে। নদীৰ গতিপথ সলাবলৈ ৰাইজে ঘৰে ঘৰে পইচা তুলি নিজৰ হাচতীয়া ধনেৰে ১০ হাজাৰ বাঁহ সংগ্ৰহ কৰি নদীত বেৰ দিয়াৰ কাম আৰম্ভ কৰিছে।
অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ব্ৰহ্মপুত্ৰ ব‘ৰ্ড আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। এজন স্থানীয় লোকে কয়, “১৮ খন গাঁও আজি সংকটত পৰিছে। ১০ বছৰ আগত আমি ৬-৭ ঘণ্টা খোজকাঢ়ি গ’লেও মূল নৈখন নাপাওঁ। বিগত ৬-৭ বছৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে মাজুলীৰ সুৰক্ষাৰ নামত ভেকোভাওনা কৰি আহিছে। ভকত চাপৰিৰ ১৮ খন গাঁৱৰ প্ৰায় ৪ খন শেষ হৈ গ’ল। ১৪ খন গাঁৱৰ ৰাইজ আজি সংকটত পৰিছে।”
ৰাইজে চৰকাৰলৈ অপেক্ষা নকৰি ব্ৰহ্মপুত্ৰৰ গতিপথ সলাই খহনীয়া ৰোধৰ বাবে এনেদৰে ওলাই আহিছে। বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰ ব‘ৰ্ডে কৰা কামক ভেকোভাওনা আখ্যা দিছে স্থানীয় ৰাইজে। ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে চৰকাৰে অতি সোনকালে ভকত চাপৰিৰ ৰক্ষাৰ বাবে কাম কৰক, অন্যথা এই চাপৰিৰ লগতে মাজুলীৰ অন্য প্ৰান্ততো এই খহনীয়াই প্ৰভাৱ পেলাব।
ইফালে, মাজুলীৰ শালমৰাতো খহনীয়া অব্যাহত আছে। ৰাইজৰ অভিযোগ অনুসৰি, বৰ্তমান ভকত চাপৰি অঞ্চলত তীব্ৰ খহনীয়া অব্যাহত থকাৰ পিছতো স্থানীয় জনপ্ৰতিনিধিয়ে নীৰৱতা অৱলম্বন কৰি আছে। খহনীয়া সমস্যাৰ সমাধান বিচাৰি বাৰম্বাৰ বিধায়ক-সাংসদক আবেদন জনাই আহিছে যদিও কোনেও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। এই সংকটে মাজুলীৰ ভৱিষ্যতৰ প্ৰতি গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।





