NORTHEAST NOW (Assamese)

মাজুলী হত্যাকাণ্ড গোচৰ : এজনক মৃত্যুদণ্ড, ১১জনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়

March 14, 2020 1:12 pm · স্মিতা ভট্টাচাৰ্য্য
প্ৰতিনিধিত্বমূলক ছবি

শুকুৰবাৰে (১৩ মাৰ্চ) যোৰহাটৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে ২০১২ চনৰ মাজুলী হত্যাকাণ্ড গোচৰত ৰাজেন দলে নামৰ এজন ব্যক্তিক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়াৰ লগতে আন ১১জন ব্যক্তিৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় ঘোষণা কৰিছে।

তেওঁলোকৰ বিৰুদ্ধে মাজুলীৰ গড়মুৰ আৰক্ষী থানাৰ অন্তৰ্গত লোহিত চাপৰি গাঁৱৰ ৰাজকুমাৰ দলে, বৰ্ণালী দলে আৰু তেওঁলোকৰ সন্তান জিতু দ’লে নামৰ তিনিজন লোকক হত্যা কৰাৰ অভিযোগ আছে।

উল্লেখযোগ্য যে ২০১২ চনৰ আগষ্টত মাজুলীৰ বৰডুৱা গাঁৱৰ ৰাজেন দলে আৰু আন ১১জন লোকে লগ লাগি ডাইনীৰ সন্দেহত একেটা পৰিয়ালৰ তিনিজন ব্যক্তিক হত্যা কৰিছিল।

যোৱা বৃহস্পতিবাৰে উক্ত ১২জন অভিযুক্তক অতিৰিক্ত সত্ৰ ন্যায়াধীশ পলি কটকীয়ে দোষী ঘোষণা কৰে।

ভাৰতীয় দণ্ডবিধিৰ ৩০২নং ধাৰাৰ অধীনত ৰাজেন দলেৰ বিৰুদ্ধে মৃত্যুৰ ৰায় আৰু অনিল দলে, নিমাই দলে, অতুল দলে, বিশ্ব পাটিৰ, বাকু দলে, বিমাণ পাটিৰ, বামুণ দলে, ৰাজু দলে, লখিন্দ্ৰ পাটিৰ, জান দলে আৰু জন্ম দলেৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় ঘোষণা কৰা হয়।

ইয়াৰ উপৰি আটাইকেইজনকে ১০,০০০ টকাৰ জৰিমনা বিহা হয়। আনহাতে উক্ত গোচৰত অভিযুক্ত পুলিন দলে নামৰ এজন অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে।

Related News