ৰোমাঞ্চ শেষ, ইমান বছৰৰ সম্পৰ্কৰ পিছত বিয়া কৰাবলৈ অস্বীকাৰ অৰ্জুনৰ! কি হ’ব মালাইকাৰ?

২০১৬ চনৰ পৰা আৰবাজ খানৰ সৈতে মালাইকা আৰোৰাৰ সম্পৰ্ক অৱনতি ঘটিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত জড়িত হৈ পৰে।

বিগত কেইবছৰ ধৰি অৰ্জুন আৰু মালাইকাক অতি অন্তৰংগভাৱে ইজনে সিজনৰ সৈতে ঘুৰি ফুৰা দেখা গৈছিল। আনকি কেমেৰাৰ সন্মুখতো যুটীটো এক ৰোমান্টিক যুটী হিচাপে ধৰা দিছিল। বহু চৰ্চা-সমালোচনাৰ পিছতো যুটীটোৰ ৰোমাঞ্চৰ মুহূৰ্তবোৰ ৰাজহুৱা হৈছিল। 

শেহতীয়াকৈ শুনা গৈছে যে তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিছে। এফালে আৰবাজ খান অৰ্থাৎ মলাইকা আৰোৰাৰ প্ৰাক্তন স্বামীয়ে নতুন জীৱন আৰম্ভ কৰিছে, ঠিক সেই সময়তে মালাইকাৰ জীৱন অন্ধকাৰ? অৰ্জুন কাপুৰে তেওঁক বিয়া দিবলৈ অস্বীকাৰ কৰিলে?

শেহতীয়াকৈ পৰিচালক ফাৰহা খানে মালাইকাক এটা ৰিয়েলিটি শ্ব’ত সুধিছিল, কেতিয়া বিয়া হ’ব? উত্তৰত মালাইকাই কোৱা কথাখিনিয়ে আপোনাক আচৰিত কৰি তুলিব। তেওঁ কয়, `মোৰ বাবে যদি কোনোবা থাকে তেন্তে মই নিশ্চয় বিয়া কৰাম।’

ফাৰহাও অলপ আচৰিত হয়। কোনোবা থাকে মানে কি বুজাব বিচাৰিছে? তেওঁৰতো এজন প্ৰেমিক আছে! মালাইকাই আকৌ কয়, “মানে হ’ল কোনোবাই যদি বিয়া কৰাব বিচাৰে মই নিশ্চয় বিয়া কৰাম।” মালাইকাই লগতে কয় যে কোনোবাই তেওঁক বিয়া কৰোৱাৰ কথা ক’লেই তেওঁ বিয়া কৰাব।

ইয়াৰ পিছতে নেটিজেনৰ প্ৰশ্ন, কিন্তু তেওঁলোকৰ মাজত সম্পৰ্ক নাই? বিয়াৰ কথা ক’লেই অৰ্জুনে পিঠি দিয়ে। যদিও তেওঁলোকে এতিয়াও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই। এনেকৈয়ে মালাইকাই ইংগিত দি বহু কথা বুজাই দিলে নেকি? উঠিছে বিভিন্ন প্ৰশ্ন।