NORTHEAST NOW (Assamese)

২৭ খন ছবিক পিছ পেলাই অস্কাৰলৈ মনোনীত মালায়ালম ছবি ‘জাল্লিকাট্টু’

November 25, 2020 7:02 pm · এন ই নাও নিউজ

৯৩ সংখ্যক অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছে দক্ষিণ ভাৰতীয় ছবি ‘জাল্লিকাট্টু’।

আজি ফিল্ম ফেডাৰেছন অৱ ইণ্ডিয়াই এই কথা প্ৰকাশ কৰিছে। এতিয়ালৈকে ‘জাল্লিকাট্টু’ই হৈছে ২০২১ বৰ্ষৰ অস্কাৰলৈ মনোনীত একমাত্ৰ ভাৰতীয় ছবি।

ভাৰতীয় ভাষাৰ ২৭ খন ছবিৰ মাজৰ পৰা মালায়ালম ভাষাৰ ছবি ‘জাল্লিকাট্টু’ক নিৰ্বাচন কৰা হৈছে বুলি ফিল্ম ফেডাৰেছন অৱ ইণ্ডিয়াৰ এগৰাকী বিষয়ববীয়াই প্ৰকাশ কৰিছে।

লিজ’ জছে পেলিছেৰিয়ে পৰিচালনা কৰা ছবি খনত দক্ষিণ ভাৰতৰ জনপ্ৰিয় ষাঁড় যুঁজৰ ভয়াৱহতাৰ কথা ফুটাই তোলা হৈছে।

‘জাল্লিকাট্টু’ৰ সময়ত গাঁৱৰ মাজেৰে দৌৰি যোৱা এটা ষাঁড় গৰুক এজন জনজাতীয় লোকে ৰখাবলৈ কৰা চেষ্টাক চেলুলয়েডত বন্দী কৰা হৈছে।

ছবি খনৰ চিত্ৰনাট্য ৰচনা কৰিছে এছ হৰিশ আৰু  আৰ জয়কুমাৰে।

‘জাল্লিকাট্টু’ অস্কাৰলৈ মনোনীত হোৱাত আনন্দ প্ৰকাশ কৰি ফিল্ম ফেডাৰেছন অৱ ইণ্ডিয়াৰ জুৰি বোৰ্ডৰ অধ্যক্ষ ৰাহুল ৰাৱাইলে কয় যে অস্কাৰলৈ এখন সঠিক ছবিয়েই মনোনীত হৈছে।

ছবি খনকলৈ তেওঁ যথেষ্ট আশা ব্যক্ত কৰে।উল্লেখ্য ‘জাল্লিকাট্টু’ ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল ২০১৯ চনৰ টৰ’ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত।সেই সময়ৰে পৰাই ছবি খনে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

Related News